পাঠভৱন শিক্ষা ফাউনণ্ডেচন,বংশৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ সামৰণি
শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- বংশৰ তিনিআলিস্থিত পাঠভৱন শিক্ষা ফাউনণ্ডেচন, বংশৰৰ তৃতীয় বৰ্ষপূৰ্তি চাৰিদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।পুৱা ১০ঃ৩০ বজাত মঞ্চ উদ্বোধন কৰে মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি, শিক্ষক গোলোক চন্দ্র দাসে। লগতে সংগীত শিল্পী, হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৱসৰী শিক্ষক কমলা কলিতাই। ইফালে চিত্ৰাংকণ,নৃত্য,গীত প্ৰতিযোগিতাৰ বিভিন্ন বিষয়ত স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।এই অনুষ্ঠানত ছাত্র ছাত্ৰী সকলে নৃত্য গীত পৰিবেশন কৰি দৰ্শক ৰাইজক আপ্লুত কৰি তোলা পৰিলক্ষিত হয়। পাঠভৱন শিক্ষা ফাউনণ্ডেচনৰ পৰিচালিকা পূৰৱী শৰ্মাই আত ধৰা অনুষ্ঠানত উপস্থিত থাকে,ভাঃজঃপাঃ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্র দাস, পূৱ বংশৰ সমন্বয় সমিতিৰ সভাপতি দিবাকৰ কলিতা , সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু কৰ্মচাৰী সন্থাৰ সভাপতি,সাংবাদিক ৰমেন ভৰালী, সমাজকৰ্মী সুভাষ চন্দ্ৰ বৈশ্য ,পছৰীয়া কুশল কোৱৰ হাইস্কুলৰ শিক্ষক প্ৰাণকৃষ্ণ দাস,পাঠভৱন শিক্ষা ফাউণ্ডেশন ৰাজগড় শাখাৰ পৰিচালিকা দীপা সেন গুপ্তা,অভিনেতা, নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য, জিলা কৃৰ্তী শিক্ষক ইন্দ্ৰকান্ত বৈশ্য, দলিবাৰী হাইস্কুলৰ সহঃ শিক্ষক সনাতন বৈশ্য ,ৰিপাব্লিক এন.ই.সাংবাদিক মজিবৰ ৰহমান,অগ্ৰদূত হাজোৰ সাংবাদিক কমলা কান্ত দাস, ইউটিউবাৰ অপৰ্ণা দৰ্শিল আৰু কাজল দাসৰ লগতে হাহিৰ খোৰাক জগায় প্ৰাণজিত দাস আৰু সঙ্গীবৃন্দই। অনুষ্ঠানৰ শেষত কন্ঠশিল্পী কৰিস্মা ৰাণী, মহিম ৰাজ, ডাঃ শ্যামন্ত কলিতা,মৃন্ময় বৰা, সঙ্গীত শিল্পী নীলাধৰ নাথ, ইন্দ্ৰজিত কলিতাই গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে।
