অসম সাহিত্য সভাৰ সংবাদ প্রহৰীৰ whatsapp বৈঠক সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাই গঠন কৰি দিয়া সংবাদ প্রহৰী whatsapp গ্ৰুপৰ সদস্যসকলৰ উপস্থিতিত সন্ধিয়া ৬-৩০ বজাত অসম সাহিত্য সভাৰ তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়াই আঁত ধৰা বৈঠকত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা উপস্থিত থাকি আগন্তুক ২ আৰু ৩ ডিচেম্বৰ তাৰিখৰ পৰা যোৰাহাটস্থিত চন্দ্ৰকান্ত বৰুৱা ভৱনৰ শতবৰ্ষ অনুষ্ঠানত উপস্থিত থাকিবলৈ দিয়াৰ লগতে অসম সাহিত্য সভাক সমাজিক মাধ্যম, ফেচবুক, whatsapp, টুইটাৰ যোগে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অসম সাহিত্য সভাৰ সংবাদ প্ৰহৰীসকলক আহ্বান জনায় । ইয়াৰ লগতে গুৱাহাটীৰ পাঞ্জাৱাৰী কলাক্ষেত্ৰত অহা ৩১ জানুৱাৰী, ১, ২ আৰু ৩ তাৰিখৰপৰা গুৱাহাটী বিশেষ অধিবেশনখনৰ পূৰ্ণ প্ৰস্তুতি হৈ থকা হেতুকে উক্ত অধিবেশনত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে । এই whatsapp বৈঠকত অসম সাহিত্য সভাৰ তথ্য প্ৰযুক্তি উপসভাপতি অঞ্জনা, বিত্তীয় উপ-সমিতিৰ উপ-সভাপতি অৰুণ চন্দ্ৰ বৰুৱা, পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক মাৰুফ হুছেইনৰ লগতে অৰ্ধ শতাধিক সংবাদ প্ৰহৰী উপস্থিত থাকে ।
