৩ ডিচেম্বৰত প্ৰদান কৰা হ’ব কনিষ্টবলৰ নিযুক্তি-পত্ৰঃ মুখ্যমন্ত্ৰী

৩ ডিচেম্বৰত প্ৰদান কৰা হ’ব কনিষ্টবলৰ নিযুক্তি-পত্ৰঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৩ ডিচেম্বৰত অসম আৰক্ষীৰ কনিষ্টবল, কমাণ্ডো, ইউবি, এছআইৰ পৰীক্ষাত উত্তীর্ণসকলক নিযুক্তি-পত্র প্ৰদান কৰা হ’ব। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিলে। যোৱা দীর্ঘদিন ধৰি কনিষ্টবল নিযুক্তিক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই আজি মুখ্যমন্ত্রী ড° শৰ্মাই এই কথা ঘোষণা কৰাৰ লগতে মেট্রিক পৰীক্ষাৰ্থীক দিবলগা ৩০০ টকা ২৮ নৱেম্বৰৰত মোকলাই দিব বুলিও ঘোষণা কৰে। উল্লেখ্য যে পূর্বে মুখ্যমন্ত্রীয়ে আগন্তুক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগা ৪ লাখ ২৫ হাজাৰ পৰীক্ষার্থীক তিনি মাহৰ বাবে ৩০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল। যাতে পৰীক্ষাৰ্থীসকলে এই সময়ছোৱাত উক্ত ধনেৰে আৱশ্যকীয় পুথি-বহী বা অন্যান্য সঁজুলি ক্রয় কৰিব পাৰে। ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে অহা ১২ ডিচেম্বৰত বিটিচিত অৰুণোদয় আঁচনি মুকলি হ’ব বুলিও ঘোষণা কৰে। উল্লেখ্য যে বিটিচিত অৰুণোদয় আঁচনি মুকলি কৰা হোৱা নাছিল। সদ্যসমাপ্ত বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্রী ড° শৰ্মাই অৰুণোদয় আঁচনি অতি সোনকালে বিটিচিত আৰম্ভ কৰাৰ প্ৰতিশ্রুতি দিছিল। এই প্রতিশ্রুতি অনুসৰিয়েই ১২ ডিচেম্বৰত কোকৰাঝাৰত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনি বিটিচিৰ বাবে মুকলি কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে।