বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশাল যোগদান কার্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এক বিশাল যোগদান কার্যসূচী অনুষ্ঠিত হয়।অসমৰ সমাজ জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বহুকেইজন গণ্যমান্য ব্যক্তিয়ে বিজেপিত যোগদান কৰে। তাৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি খনীন্দ্ৰ ৰাজবংশী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক অনিল বণিয়া আৰু ছত্তিশগড়ৰ বৰ্তমানৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকাকে প্ৰমুখ্য কৰি কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, প্রাক্তন সাধাৰণ সম্পাদক আৰু বহু বিষয়ববীয়াৰ লগতে ড° নিলেশ সিং আৰু বহুকেইজন চিকিৎসক আৰু অধিবক্তাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।উল্লেখ যে, আমেৰিকাৰ এটা বহুজাতিক কোম্পানীৰ এটা গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতা। কিছুদিনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰীকো কৰ্মৰ সংক্ৰান্তত সাক্ষাত কৰিছিল তেওঁ। এই সাক্ষাতৰ প্ৰায় দুটা মাহৰ পিছতে বিজেপিত যোগদান কৰে ৰমেন ডেকাৰ কন্যাই। আনহাতে নতুনকৈ যোগদান কৰাসকলক দললৈ আদৰণি জনাই ৰাজ্যিক সভাপতি শইকীয়াই কয়, ভাৰতীয় জনতা পার্টী এটা পৰিয়াল, মা-ভাৰতীক সেৱাৰ বাবে, বিশ্বগুৰু হিচাপে প্রতিষ্ঠাৰ বাবে এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ দুৱাৰ খন সকলোৰে বাবে খোলা থাকে। আজি আপোনালোকে স্ব-ইচ্ছাৰে ৰাষ্ট্ৰসেৱা মা-ভাৰতীৰ সেৱাৰ মনোভাৱেৰে ওলাই অহাৰ বাবে উষ্ম আন্তৰিক অভিনন্দন জনাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশত আজি উন্নয়ন আৰু বিকাশৰ জোৱাৰ আহিছে। তেনেদৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে দ্রুতগতিত উন্নয়নৰ দিশে আগুৱাই গৈছে। দুয়োজন বলিষ্ঠ জনপ্রিয় নির্ণায়ক নেতৃত্বৰ উদ্যোগত দেশ আৰু ৰাজ্য আগুৱাই গৈছে। সভাপতি শইকীয়াই কয় যে নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ আগমনে দলৰ স্থিতি আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ভবিষ্যতেও অসমৰ খিলঞ্জীয়া মানুহ, প্রকৃত ভাৰতীয় মূলৰ মানুহৰ অধিকাৰ সদা-সর্বদা, অনাদি-অনন্ত কালৰ বাবে সুৰক্ষিত হৈ থাকিব লাগিব। প্রদেশ জনতা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক অনুপ কুমাৰ বৰ্মন, প্রদেশ জনতা যুৱ মৰ্চা, সভাপতি ৰাকেশ দাস, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস প্রমুখ্যে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।
