বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল চচলৰ ধৰ্ণাস্থলী
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল হৈ পৰিল গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলী ।চচলস্থিত নিৰ্ধাৰিত ধর্ণাস্থলীত তিনিটা দল-সংগঠনে প্রাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে অৱস্থান কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ‘১০৮’ৰ সদস্যসকলে কয় যে মৃত্যুঞ্জয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰীসকলে মহামাৰী আৰু প্ৰাকৃতিক দুর্যোগকে ধৰি যিকোনো আপদকালীন পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়াই আহিছে যদিও কর্মচাৰীসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। এই সন্দর্ভত বিভাগীয় কর্তৃপক্ষক বাৰম্বাৰ অৱগত কৰা হৈছিল। কিন্তু ‘১০৮’ সেৱাৰে জড়িত কর্মীসকলৰ দাবী পূৰণ কৰা নাই। সেয়ে উপায়ান্তৰ হৈ আজি আমাৰ দাবীৰ সমৰ্থনত এই জৰুৰী সেৱাৰে জড়িত কৰ্মচাৰীসকলে চচলত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ। বিশেষকৈ সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰা, নতুন নিবিদা সম্পূৰ্ণ কৰা, কৰ্মসময়ৰ অতিৰিক্ত মজুৰি প্ৰদান কৰা, বছৰেকীয়া বোনাছ প্রদান, কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক এককালীন ৪০ লাখ টকাৰ আৰ্থিক সাহায্য প্রদান, চাকৰিৰ সুৰক্ষা সুনিশ্চিত কৰা, গৃহ নির্মাণ আৰু চিকিৎসা সেৱাৰ বাবে সুকীয়াকৈ ঋণ প্রদানৰ ব্যৱস্থা কৰাকে ধৰি কৰ্মচাৰীসকলৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আর্থিক সুৰক্ষা প্ৰদানৰ দাবী জনায়। ইপিনে শিলসাঁকো পাৰৰ উচ্ছেদিত ৰাইজে মাটিৰ বিনিময়ত মাটিৰ দাবীত অধিৱেশনৰ প্ৰথম দিনাৰ পৰা ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দ্বিতীয় দিনাও প্রায় দুশ লোকে বিভিন্ন শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰাৰ লগতে উচ্ছেদিত প্রতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে উচ্ছেদিত পৰিয়ালৰ বাবে শিলসাঁকোৰ পাৰত কমেও ৩০০ বিঘা ভূমি প্ৰদানৰ দাবী তোলে। একেদৰে ভোটাৰ্ছ পার্টী ইণ্টাৰনেচনেলে ৰাজ্যৰ এপিএল আৰু বিপিএল সমাজৰ বাবে চৰকাৰী পদত ৯৭ শতাংশ সংৰক্ষণ, অৰুণোদয় আঁচনিত উভয় শ্ৰেণীৰ লোকক সমঅধিকাৰ প্ৰদান, দৰিদ্ৰৰ সংজ্ঞা সংশোধন কৰি ২৫ শতাংশ লোকক বিপিএল কার্ড প্রদানকে ধৰি অন্যান্য দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দলৰ ৰাজ্যিক সভাপতি তৰণী বসুমতাৰীয়ে এই সন্দৰ্ভত কয়, “আমি আজি প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য এই যে আমাৰ নামত যিখিনি জনমূৰি আয় আছে । জনমূৰি আয়ৰ আমি ৫০ শতাংশ বিচাৰিছোঁ । বৰ্তমান আমাৰ ল’ৰা-ছোৱালীৰ কাম নোহোৱা হৈছে । কিবাকৈ হাজিৰা কৰি কাম কৰি পৰিয়াল পোহপাল দি আছে । আমাৰ দেশত বহুতো দুৰ্নীতি হৈ থকা অনুভৱ কৰিছোঁ । গতিকে আমাক ভোটাৰশ্বিপৰ স্বাধীনতা লাগে । এ পি এল-বি পি এল সামূহিক সমাজক ৯৭ শতাংশ ৰাজনৈতিক প্ৰতিনিধিত্ব প্ৰদান কৰিব লাগে ।” অৰোণদয় আঁচনিত এ পি এল/বি পি এল সকলো পৰিয়ালক সমমৰ্যাদা, চাকৰিৰ অধিকাৰক সংবিধানত মৌলিক অধিকাৰ হিচাপে সংযোজন কৰা, দৰিদ্ৰৰ সংজ্ঞা সংশোধন কৰি ২৫ শতাংশ লোকক বি পি এল কাৰ্ড প্ৰদান, শিক্ষা আৰু স্বাস্থ্যৰ বাণিজ্যিকৰণ বন্ধ কৰি সমতামূলক ৰাষ্ট্ৰীয়কৰণ ব্যৱস্থা কৰা আদিকে ধৰি আন ১০ দফীয়া দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰি ভোটাৰ্ছ পাৰ্টীয়ে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।
