ভাৰতত হ’ব ২০৩০ চনৰ কমনৱেলথ গেমছ
ৰঙিলী বাৰ্ত্তাসেৱা- দুটা দশকৰ পাছত পুনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সাজু হৈছে ভাৰত। ২০৩০ চনৰ কমনৱেলথ গেমছ ভাৰতত অনুষ্ঠিত হ’ব। কমনৱেলথ কমিটীয়ে আহমেদাবাদক ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে ঘোষণা কৰিছে। বুধবাৰে গ্লাছগ’ত অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত ৭৪খন সদস্য দেশে আহমেদাবাদক প্রতিযোগিতাখন আয়োজনৰ ক্ষেত্ৰত মোহৰ মাৰে। এই দায়িত্ব ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষাৰ হাতত অর্পণ কৰা হয়। কমনৱেলথ গেমছ ২০৩০ৰ আয়োজনৰ দায়িত্ব লাভ কৰাৰ পিছত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষাই কয় যে কমনৱেলথ গেমছে দেখুওৱা আস্থাক লৈ আমি গভীৰভাৱে সন্মানিত হৈছোঁ। ২০৩০ চনৰ গেমছত কমনৱেলথ আন্দোলনৰ ১০০ বছৰীয়া জয়ন্তী উদযাপন কৰাই নহয়, অহা শতিকাৰ বাবেও ভেটি স্থাপন কৰা হ’ব। ইয়াৰ জৰিয়তে সকলো কমনৱেলথ জাতিৰ খেলুৱৈ, সম্প্রদায় আৰু সংস্কৃতিক এক মনোভাবেৰে একত্ৰিত কৰা হ’ব। ইপিনে, কমনৱেলথ স্প’ৰ্টছৰ সভাপতি ড’নাল্ড ৰুকাৰে কয় যে তেওঁলোক আশাবাদী যে ২০৩০ চনত আহমেদাবাদে এই প্রতিযোগিতাখন অতি ভালদৰে আয়োজন কৰিব। ভাৰতৰ ক্ৰীড়া সংস্কৃতিৰ সৈতে জড়িত। ২০৩০ চন হ’ব কমনৱেলথৰ ১০০ বছৰ। ১৯৩০ চনত কানাডাত প্রথম কমনৱেলথ গেমছ আয়োজন কৰা হৈছিল। সেই সময়ত ইয়াৰ নাম আছিল ব্রিটিছ এম্পায়াৰ গেমছ। পিছলৈ ইয়াৰ নাম সলনি কৰি কমনৱেলথ গেমছ কৰা হয়। উল্লেখ্য যে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ মূল প্রতিদ্বন্দ্বী আছিল নাইজেৰিয়া। কিন্তু কমনৱেলথ কমিটীয়ে সিদ্ধান্ত লৈছে যে ২০৩৪ চনৰ প্ৰতিযোগিতাখন নাইজেৰিয়াত অনুষ্ঠিত হ’ব পাৰে। উল্লেখ্য যে ২০১০ চনত অন্তিমবাৰৰ বাবে দিল্লীত কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবিয়াই কয়, ‘‘ভাৰতে শতবাৰ্ষিকী কমনৱেলথ গেমছ আয়োজন কৰাটো এক গৌৰৱৰ মুহূৰ্ত । এনে বৃহৎ ইভেণ্ট আয়োজন কৰিবলৈ ভাৰত সক্ষম আৰু ২০৪৭ চনৰ ভিতৰত শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে স্থান লাভ কৰিব ।’’
