ভাৰতৰ সংবিধানৰ মূল বৈশিষ্ট্য
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ আগমুহূৰ্তত বি এন ৰোয়ে (B N Rau) ভাৰতৰ সংবিধানখনৰ প্ৰথম খচৰা প্ৰস্তুত কৰিছিল । প্ৰাদেশিক আইনসভাৰ সদস্যসকলক, যেনে- জৱাহৰলাল নেহৰু , চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী,ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, শ্যামা প্ৰসাদ মুখোপাধ্যায় আৰু নলিনীৰঞ্জন ঘোষ প্ৰমুখ্য প্ৰধান ব্যক্তিত্ব আৰু তফচিল শ্ৰেণীসকলৰ পৰা ৩০ জনৰো বেছি সদস্য, যেনে- এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ ফ্ৰেঙ্ক এন্টনি,এইচ পি মোদী আৰু আৰ কে সিধোৱা ( পাৰ্চী সম্প্ৰদায়ৰ সদস্য ) , সংখ্যালঘু কমিটীৰ চেয়াৰমেন বিশিষ্ট খৃষ্টান সম্প্ৰদায়ৰ সদস্য হৰেন্দ্ৰ কুমাৰ মুখোপাধ্যায়, গোৰ্খা সম্প্ৰদায়ৰ সদস্য অৰি বাহাদুৰ গুৰুং, বিশিষ্ট জুৰি আল্লাদি কৃষ্ণস্বামী আয়াৰ, ডঃ ভীমৰাও ৰামজী আম্বেদকাৰ,বেনেগাল নৰসিংহ ৰাও,কে এম মুন্সী, গণেশ মভলঙ্কাৰ, বিশিষ্ট মহিলা সদস্যসকলৰ মাজত সৰোজিনী নাইডু,হংস মেহেতা,দুৰ্গাবাই দেশমুখ আৰু ৰাজকুমাৰী অমৃত কৌৰক লৈ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সংবিধান সভা গঠিত হৈছিল । এই সংবিধান সভাৰ প্ৰথম সভাপতি আছিল সচ্চিদানন্দ সিনহা আৰু পৰৱৰ্তী ডঃ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁৰ সভাপতিত্বত ভাৰতৰ সংবিধান সভাই ২২ খন কমিটী গঠন কৰি দি সংবিধান প্ৰণয়ন কৰাৰ বিভিন্ন দিশ চালিজাৰি চাবলৈ পৰামৰ্শ দিছিল। অৱশেষত ১৯৪৭ চনৰ এপ্ৰিল মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত কমিটীসমূহে তেওঁলোকৰ ৰিপোৰ্টবোৰ সংবিধান সভাত দাঙি ধৰে। ১৯৪৭ চনৰ ২৯ আগষ্টত ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত সংবিধান খচৰা কমিটী গঠন হয়। বি আৰ আম্বেদকাৰৰ বাহিৰেও এই কমিটীত আৰু ছয়জন সদস্য আছিল। তেওঁলোক হ’ল আল্লাদি কৃষ্ণস্বামী আয়াৰ,এন গোপালস্বামী,কে এম মুন্সী, ছাৰ চৈয়দ মহম্মদ ছাদুল্লা,বি এল মিটাৰ আৰু ডি পি খৈতান। এই সংবিধান খচৰা কমিটীয়ে এটি খচৰা সংবিধান প্ৰস্তুত কৰি ১৯৪৭ চনৰ ৪ নৱেম্বৰত সংবিধান সভাত দাখিল কৰে।
সংবিধান সভাই ডঃ বি আৰ আম্বেদকাৰে দাখিলীকৃত খচৰা সংবিধানখন প্ৰণয়ন কৰোঁতে ২ বছৰ ১১ মাহ ১৭ দিন লাগিছিল।এই সময়ৰ ভিতৰতে ১৬৬ দিন সংবিধান সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন গৃহীত কৰি লোৱা হৈছিল। এই দিৱসটিক “ভাৰতৰ জাতীয় আইন দিৱস” বা “ভাৰতৰ সংবিধান দিৱস ” হিচাপে আমাৰ দেশে প্ৰতি বছৰে উদযাপন কৰি আহিছে। যি কি নহওক,একাধিকবাৰ পৰ্যালোচনা আৰু সংশোধন কৰাৰ পিছত ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংবিধান সভাৰ ৩০৮ জন সদস্য সংবিধান নথিৰ দুটি হস্তলিখিত কপিত (এটিত ইংৰাজী আৰু আন এটিত হিন্দী )চহী কৰে। ইয়াৰ দুদিন পিছতেই অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই নথিখন ভাৰতৰ সৰ্বোচ্চ আইন হিচাপে সংবিধানখন প্ৰচলিত হৈ আছে।
ভাৰতৰ সংবিধানখনৰ কেইবাটাও মূল বৈশিষ্ট্য লেখত লবলগীয়া।
এই মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত বহুকক্ষবিশিষ্ট চৰকাৰব্যৱস্থা গঠন, কাৰ্যপদ্ধতি,আমোলাতান্ত্ৰিক কৰ্তৃত্ববাদ, গোত্ৰীয় স্বাতন্ত্ৰবাদ, সমকামী অধিকাৰত্ববাদ, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ, মৌলিক অধিকাৰ,নিৰ্দেশমূলক নীতি, নাগৰিকৰ কৰ্তব্য নিৰ্দ্ধাৰণৰ মাধ্যমেৰে দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে।
পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰস্তুত কৰা সংবিধানখনৰ প্ৰস্তাৱনা ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই গৃহীত কৰি লয়। প্ৰস্তাৱনা খনত মুঠ ছটা প্ৰধান চাবিকাঠিয়ে সংবিধানখনৰ মূল চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। সেইবোৰ হ’ল —
(১) We the people of India ( আমি ভাৰতৰ জনগণে )
(২) Sovereign (সাৰ্বভৌম)
(৩) Socialist ( সমাজতান্ত্ৰিক )
(৪) Secular ( ধৰ্মনিৰপেক্ষ)
(৫) Democratic ( গণতান্ত্ৰিক)
(৬) Republic (প্ৰজাতন্ত্ৰ)
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই হৈছে
সংক্ষিপ্ত সূচনামূলক বিবৃতি , যিয়ে সংবিধানৰ পথনিদেৰ্শক উদ্দেশ্য আৰু মৌলিক নীতিক ফঁহিয়াই দিছে।
সংবিধানখন পৃথিৱীৰ বৃহত্তম লিখিত সংবিধান। ইয়াত বৰ্তমান ২৫টা ভাগত বিভক্ত সৰ্বমুঠ ৪৭০টা অনুচ্ছেদ, ১২টা অনুসূচী আৰু ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯টি।
ইয়াত সাত প্ৰকাৰৰ আইন সন্নিৱিষ্ট হৈছে। সেইবোৰ হ’ল ক্ৰমে– Constitutional law (সাংবিধানিক আইন)
Criminal law ( ফৌজদাৰী আইন)
Civil Law ( দেৱানী আইন)
Common Law (সাধাৰণ আইন)
Statutory Law( বিধিবদ্ধ আইন)
Administrative Law ( প্ৰশাসনিক আইন
Family / Personal Law ( পৰিয়াল বা ব্যক্তিগত আইন।
বৃত্তিয় আইনৰ উপৰিও ভাৰতৰ সংবিধানত ১১/১১/ ২০২৫ চনলৈকে বিভিন্ন সংশোধনৰ জৰিয়তে ৮৮৭টা আইন প্ৰযোজ্য হৈ আছে।
সংবিধানৰ সাতোটা মৌলিক স্তম্ভ হ’ল
Democracy ( গণতন্ত্ৰ)
Equality ( সাম্যবাদ)
Reconciliation ( পুনৰ্মিলন
Diversity (বৈচিত্ৰ্য)
Responsibility ( দায়িত্ববোধ
Respect and freedom ( সন্মান আৰু স্বাধীনতা)
মুঠতে ভাৰতৰ সংবিধানখন হৈছে ভাৰতৰ আটাইতকৈ উৰ্ধতম কৰ্তৃপক্ষ। ইয়েই দেশৰ ৰাজনৈতিক মতাদৰ্শ, বিভিন্ন চৰকাৰৰ প্ৰশাসনিক কাৰ্য্যাৱলী আৰু সাংগঠনিক সত্তাৰ লগতে দেশৰ জনগণৰ মৌলিক অধিকাৰ আৰু দায়িত্ববোৰ ব্যাখ্যা কৰে। আমাৰ দেশৰ সংবিধানখন একেবাৰে অনমনীয় নহয় , একেবাৰে নমনীয়ো নহয় এতিয়ালৈকে এই সংবিধানখন ১০৬ বাৰ সংশোধন কৰা হৈছে। (২০২৩ চনলৈকে) থুলমূল ভাৱে ভাৰতৰ সংবিধানৰ মূল বৈশিষ্ট্য সম্পৰ্কে আলোকপাত কৰা হ’ল।
