খাৰুপেটীয়াত কুখ্যাত জেহাদী গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ খাৰুপেটীয়াত এজন কুখ্যাত জেহাদী গ্ৰেপ্তাৰ। মুনছেৰ আলী নামৰ এটা জেহাদীক গ্ৰেপ্তাৰ কৰা হয়। মুনসেৰ আলীক আৰকান ৰোহিংগীয়া চেলভেশ্যন আৰ্মী(Arakan Rohingya Salvation Army) আৰু তেহৰিক- ই- তালিবান পাকিস্তান (Tahrik -E- Taliban Pakistan)ৰ লগত সুসম্পর্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মুনসেৰ আলী দীৰ্ঘদিন ধৰি তামিলনাডুত কৰ্মৰত আছিল। কিছুদিন পূর্বে তামিলনাডু কর্মস্থলীৰ পৰা খাৰুপেটীয়ালৈ উভতি আহিছিল মুনসেৰ আলী। মুনসেৰ আলীৰ সামাজিক মাধ্যমযোগে বাংলাদেশী উগ্রপন্থীৰ লগত আছিল সুসম্পর্ক। অভিযোগ অনুসৰি, মুনছেৰ আলিয়ে খাৰুপেটীয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কূটঘাটৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পূৰ্বে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁক কেচ নম্বৰ ১৩৪/২০২৫ ধাৰা ১৪৭/১৪৮/১৫২/১৯৬ BNS আৰু R/W ধাৰা ৩৯(২) UA (P) এক্টত গ্ৰেপ্তাৰ কৰি বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে। এই ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
