বসন্তৰ বতাহ – ৰূপালী গগৈ চুতীয়া

Pc Tripadvisor

বসন্তৰ বতাহ

ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়(লাহোৱাল)

ফৰিং ফুটা জোনাকত
তুমি মোৰ
কোন নাজানো
পিছে অমাৱস্যাৰ
আকাশত
জিলিকি থকা তৰা যেন
তুমি হোৱা।
জীৱন সংগ্ৰামত
যোদ্ধা তুমি
আঁতৰি আঁতৰি
থকাতকৈ
শৰতৰ শুভ্ৰ শেৱালি হৈ
সুগন্ধি বিলাই চোৱা ।
দেখিবা সকলো
অমানিশাৰ
জোনাকী পৰুৱা
তোমাৰ আঁচলত
মাথো তুমি মোৰ কবিতাৰ
ছন্দ হৈ ৰোৱা ।
জীয়াই থকাৰ
হাবিয়াস বোৰে
তোমাৰ প্ৰেমত
সান্নিধ্য বিচাৰে
পাই হেৰুৱাৰ
বিষাদতো
নতুন বসন্তৰ
বতাহ বলে
মাথো তুমি
অহাৰ খবৰে
আনন্দত দুগালে
চকুলো বাগৰে
চকুলোঁ বাগৰে।