মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাখিল কৰিলে বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন

Pc The Hindu

মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাখিল কৰিলে বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই দাখিল কৰা হ’ল তিৱাৰী আয়োগৰ প্ৰতিবেদন। তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ সমান্তৰালকৈ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে মেহতা আয়োগৰ প্ৰতিবেদন। মেহতা ন্যায়িক কমিটীৰ প্ৰতিবেদনখন।প্ৰতিবেদন দাখিল কৰাৰ পাছতে বিধায়কসকলৰ মাজত ইয়াৰ কপি বিতৰণ কৰা হয়  উল্লেখ্য যে অসম আন্দোলনৰ সময়ছোৱাতে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ নেলীত সংঘটিত হৈছিল ভয়াৱহ গণহত্যা। এই গণহত্যা সন্দর্ভত ত্রিভুবন প্ৰসাদ তিৱাৰী আয়োগে দাখিল কৰিছে প্রতিবেদন। ১৯৮৪ চনত তেতিয়াৰ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ হাতত ৬০০ পৃষ্ঠাৰ এই প্রতিবেদনখন দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত প্রতিবেদনখন বিধানসভাত দাখিল কৰা হয়। কিন্তু ইয়াক ৰাজহুৱা কৰা হোৱা নাছিল। শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্রী ড° শর্মাই আনুষ্ঠানিকভাৱে সদনত প্রতিবেদনখন দাখিল কৰে। উল্লেখ্য যে তিৱাৰী আয়োগৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চৰ্চা সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্রী ড° শর্মাই বিষয়টো সন্দৰ্ভত উল্লেখ কৰিছিল ১৯৮৫ চনত এই প্রতিবেদনখন চৰকাৰক দিয়া হৈছিল, কিন্তু চৰকাৰৰ হাতত পৰা নাছিল। প্রতিবেদনখন দাখিলৰ মুখ্য উদ্দেশ্য হ’ল তেতিয়াৰ প্ৰচলিত পৰিস্থিতিৰ বিষয়ে নতুন প্রজন্মই জানিব পাৰিব। এয়া এক সাহসী সিদ্ধান্ত। অসমৰ ইতিহাসত ই এক অংশ। প্রতিবেদনখন ৰাজহুৱা হ’লে মানুহে ইয়াক চাব পাৰিব। দৰাচলতে তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত ৰখা হোৱা নাছিল। চৰকাৰৰ হাতত উপলব্ধ প্রতিবেদনৰ কপীত তিৱাৰীৰ স্বাক্ষৰ নাছিল। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ সৈতে আছু নেতৃত্বৰ বৈঠকতে মেহতা আয়োগৰ প্ৰতিবেদন দাখিলৰ বাবে ছাত্র সংগঠনটোৱে তোলা দাবীৰ প্ৰতি সঁহাৰি জনাই সদনত দাখিল কৰা হয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ টি ইউ মেহতা আয়োগৰ প্ৰতিবেদন। মুখ্যতঃ ১৯৮৩ চনৰ নিৰ্বাচনকেন্দ্রিক সংঘর্ষক লৈ মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত বেচৰকাৰীভাৱে প্ৰস্তুত কৰা এই প্রতিবেদনত অসম আন্দোলনৰ সময়ছোৱাৰ বিভিন্ন ছাত্র নেতা, বিশিষ্ট লোক, বুদ্ধিজীৱী তথা আন আন ক্ষেত্ৰৰ লোকসকলৰ সাক্ষ্য এই প্রতিবেদনত উল্লেখ কৰা হৈছে। তিৱাৰী আয়োগৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে চৰকাৰী পৃষ্ঠপোষকতাত প্ৰস্তুত কৰাৰ বিপৰীতে মেহতা আয়োগত নাছিল কোনো চৰকাৰী পৃষ্ঠপোষকতা। আছুৰ দাবীত তিৱাৰী আয়োগৰ লগতে মেহতা আয়োগৰ প্ৰতিবেদন দাখিলৰ পাছতে পৰৱৰ্তী সময়ত বিধানসভাত দুয়োখন প্রতিবেদনৰ ওপৰত হ’ব বিস্তৃত আলোচনা। স্মৰ্তব্য যে ১৯৮৩ৰ ১৮ ফেব্ৰুৱাৰীৰ পুৱা মধ্য অসমৰ নেলীত সংঘটিত হৈছিল ভয়াৱহ হত্যাকাণ্ড। নগাঁও জিলাৰ বৰজুলা, বুটনি, ডংগাবড়ি, ইন্দুৰমাৰী, মাটিপৰ্বত, মূলাধাৰী, মাটিপৰ্বত নং৮, শিলভেটা, বৰবুৰি আৰু নেলীত হোৱা এই হত্যাকাণ্ডত প্রায় দুহেজাৰৰো অধিক বঙালী, মুছলমান সম্প্ৰদায়ৰ লোক নিহত হৈছিল। শিশু-মহিলা আৰু বৃদ্ধৰ মৃত্যুৰ সংখ্যা অধিক আছিল। প্রায় তিনি লাখ লোকে মাহৰ পাছত মাহ ধৰি সাহায্য শিবিৰত থাকিবলগীয়া হৈছিল। এই সমগ্র হত্যাকাণ্ডক লৈ চৰকাৰে গঠন কৰা টি ডি তিৱাৰী আয়োগে পৰৱৰ্তী সময়ত সমগ্ৰ হত্যাকাণ্ডৰ দিশসমূহ পৰীক্ষা কৰি দাখিল কৰিছিল প্রতিবেদন। প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালত বিধানসভাত দাখিল কৰা প্ৰতিবেদনখন কেৱল অধ্যক্ষকহে দিয়া হৈছিল। বিধায়কসকলক দিয়া হোৱা নাছিল।