গুৱাহাটীৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ

গুৱাহাটীৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতী সাংবাদিকে ল’লে চৰম পথ। এটা সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত উদ্ধাৰ হয় যুৱতী সাংবাদিকগৰাকীৰ নিথৰ দেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। ৫ ডিচেম্বৰত বিয়াৰ দিন নিৰ্ধাৰণ কৰা ৰিতুমণি ৰয় নামৰ যুৱতী সাংবাদিকগৰাকীয়ে কি পৰিস্থিতিত এই চৰম পথ ল’বলৈ বাধ্য হ’ল, সেয়া সম্প্রতি পোহৰলৈ অহা নাই যদিও জানিব পৰা মতে যুৱতীগৰাকীৰ বিয়ালৈ আছিল মাত্র ১১ দিন। বিয়াৰ চিঠিও ছপা কৰি সকলো আয়োজন কৰা হৈছিল। হঠাতে যুৱতীগৰাকীয়ে এই চৰম সিদ্ধান্ত লোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। এটা ব্যক্তিগত প’ৰ্টেলত কৰ্মৰত আছিল যুৱতী সাংবাদিকগৰাকী। জানিব পৰা মতে, ২৩ নৱেম্বৰৰ পুৱাই কর্তব্যলৈ আহি যুৱতী সাংবাদিকগৰাকীয়ে নিশালৈকে উভতি যোৱা নাছিল ঘৰলৈ। আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ এটা কোঠাত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয়। ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন চিঠিও। চৰম পথ লোৱাৰ পূৰ্বে এৰি যোৱা চিঠিত তেওঁ লিখিছে-‘সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত, সকলো ভালে থাকিব।’ চিঠিখনত দেউতাকৰ ফোন নম্বৰটোও লিখি থৈ গৈছে তেওঁ। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। সংবাদ মাধ্যমৰ আগত যুৱতীগৰাকীৰ পিতৃয়ে দিয়া ভাষ্য অনুসৰি যুৱতীগৰাকীয়ে নিজৰ বিয়াৰ বাবে নিজেই চিঠি ছপাইছিল। তদুপৰি বজাৰ-সমাৰৰ লগতে অতিথিক বিয়ালৈ নিমন্ত্রণ জনোৱাৰ বাবেও পিতৃক অৱগত কৰিছিল। এই কাণ্ডৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কি পৰিস্থিতিত যুৱতী সাংবাদিকগৰাকীয়ে জীৱনৰ এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব।