বিমূৰ্ত – পাপৰি শইকীয়া বৰা

Pc Unsplash

বিমূৰ্ত

পাপৰি শইকীয়া বৰা
গোলাঘাট টাউন

এজাৰ ৰঙৰ এটি সন্ধ্যা
ঈশ্বৰৰ ঘৰত শঙ্খধ্বনি

জীৱনৰ সিপাৰত অন্য এক জীৱনৰ আস্বাদন

আমি খামুচি থকা জিঞাৰ পাখিৰ স্বপ্নৰ হাবিয়াস
আৰু চেতনাৰ বৈভৱেৰে
কাল আকাল

বাস্তৱ বিভ্ৰম

শেষ নোহোৱা কথকতা — – ।