জুবিনৰ মৃত্যুৰ সৈতে জড়িত ৭ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

জুবিনৰ মৃত্যুৰ সৈতে জড়িত ৭ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-    অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত ৭ অভিযুক্তক আদালতে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে বৃহস্পতিবাৰে তৃতীয়বাৰলৈ ৭জন অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গার্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু অমৃতপ্ৰভা মহন্তক আৰক্ষীয়ে আদালতত হাজিৰ কৰে। বৃহস্পতিবাৰে ৭ অভিযুক্তৰ জিম্মাৰ ম্যাদ উকলাৰ পাছত আৰক্ষীয়ে ভার্চুৱেলী আদালতত হাজিৰ কৰে। সুৰক্ষাজনিত কাৰণত আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ সলনি ৫ অভিযুক্তক বাক্সাৰ কাৰাগাৰৰ লগতে আন দুই অভিযুক্তক হাফলং উপ-কাৰাগাৰতে ভার্চুৱেলী হাজিৰ কৰা হয়। জানিব পৰা মতে, ধৃত ৭ অভিযুক্তৰ বিৰুদ্ধে কোনোধৰণৰ জামিন আবেদন দাখিল কৰা নহ’ল। মন কৰিবলগীয়া যে ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ৰহস্যজনক অৱস্থাত ছিংগাপুৰৰ মহাসমুদ্ৰত যোৱা ১৯ ছেপ্টেম্বৰত মৃত্যু হৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ। ৰহস্যজনক এই মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিছিল মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাসহ মুঠ ৭জন অভিযুক্তক। ইপিনে প্রিয় শিল্পীৰ ৰহস্যজনক মৃত্যুক লৈ এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে। বিগত কিছুদিন ধৰি এছআইটিয়ে ৰাজ্যৰ বিভিন্ন প্রান্তত বিভিন্ন বিহু সমিতিৰ বিষয়ববীয়াৰ ভাষ্য গ্রহণ কৰিছিল। ইপিনে, এছআইটিএ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আংশিক প্রতিবেদন কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ প্ৰেৰণ কৰিছে। অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা মতে প্রতিবেদনখনত এই দুৰ্ভগ্যজনক ঘটনাটোৰ সৈতে জড়িত কেইবাজনো অভিযুক্তৰ বিষয়ে তথ্য সংলগ্ন কৰা হৈছে। অৱশ্যে অভিযুক্তকেইজনৰ নাম আনুষ্ঠানিকভাৱে সূত্ৰটোৱে প্ৰকাশ কৰা নাই।