২২ নৱেম্বৰত আছুক বৈঠকলৈ আমন্ত্রণ মুখ্যমন্ত্রীৰ

 ২২ নৱেম্বৰত আছুক বৈঠকলৈ আমন্ত্রণ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণৰ সন্দৰ্ভত ২২ নৱেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত পুনৰ এক আলোচনা অনুষ্ঠিত হ’ব ।  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগা এই বৈঠকত আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য উপস্থিত থাকিব। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ৬৭টা বিষয় অসম চৰকাৰৰ কেবিনেটে চিনাক্ত কৰিছিল। ইয়াৰে ৪০টা বিষয় সম্পূৰ্ণ অসম চৰকাৰৰ আওতাত থকাৰ বিপৰীতে ১৫টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু ১২টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উভয়ৰে আওতাত পৰে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আছুৰ পূর্বে হোৱা আলোচনাত ৰাজ্য চৰকাৰৰ আওতাত পৰা ৩৮টা বিষয়ত সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু এই বিষয়সমূহ ৰাজ্যিক বাজেটত উল্লেখ কৰা হৈছিল। ৰাজ্য চৰকাৰৰ আওতাত পৰা আনবোৰ বিষয় সন্দৰ্ভত পুনৰ আলোচনাৰ বাবে ২২ নৱেম্বৰত বৈঠক স্থিৰ কৰা হৈছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আছুৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে। আছুৱে বৈঠক সন্দৰ্ভত এক বিবৃতিযোগে প্রকাশ কৰা অনুসৰি ২২ নৱেম্বৰত অনুষ্ঠিত হ’বলগা আলোচনাত অসম চৰকাৰৰ আওতাত পৰা আন বিষয়সমূহ আলোচনা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ সন্দৰ্ভত প্রস্তাবিত ত্রিপাক্ষিক আলোচনা সম্পর্কেও আলোচনা হ’ব। মূলতঃ ভাষা, সংস্কৃতি, ভূমিৰ অধিকাৰ আদি বিষয়সমূহৰ ৰক্ষাকৱচ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় আৰু স্থানীয় নিকায়, বিধানসভা, সংসদত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ, সকলো জাতি-জনগোষ্ঠীৰ সমপ্রতিনিধিত্বৰে উচ্চ সদন গঠন, চাকৰি সংৰক্ষণ, ইনাৰলাইন পার্মিট ব্যৱস্থা প্ৰৱৰ্তন আদি বিষয়ত ৰক্ষাকৱচ প্রদান কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ বিষয়। আছুৱে বিবৃতিযোগে ইয়াকো উল্লেখ কৰে যে অসম চুক্তিৰ ৬নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ উভয় চৰকাৰে পদক্ষেপ ল’ব লাগিব। ২ নৱেম্বৰৰ আলোচনাৰ পৰা ছাত্ৰ সন্থাই ইতিবাচক ফলাফল আশা কৰিছে বুলিও আছুৱে উল্লেখ কৰে।