দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ  নীতিশ কুমাৰৰ

দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ  নীতিশ কুমাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   সদ্যসমাপ্ত বিহাৰ বিধানসভা নির্বাচনত এনডিএৰ বিপুল বিজয়ৰ পিছত পাটনাৰ গান্ধী ময়দানত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে নীতিশ কুমাৰে।২৫ বছৰ ধৰি বিহাৰৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব পালন কৰাৰ পিছত পুনৰ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। বৃহস্পতিবাৰে পাটনাৰ গান্ধী ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত গ্ৰহণ কৰে নীতিশে। ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত বাক্য পাঠ কৰাই নীতিশ কুমাৰক। শপত গ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি এন ডি এ শাসিত সকলো ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকে। এই শপতগ্ৰহণ অনুষ্ঠানতে মুঠ ২৬গৰাকী নেতাই মন্ত্ৰিত্বৰ শপত লয়। নীতিশ কুমাৰ নেতৃত্বাধীন বিদায়ী চৰকাৰখনৰ উপ-মুখ্যমন্ত্ৰীদ্বয় সম্রাট চৌধুৰী আৰু বিজয় সিন্‌হাই এইবাৰো একেটা পদতে শপতগ্ৰহণ কৰে। তদুপৰি সম্ৰাট চৌধুৰী বিহাৰ বিজেপিৰ সংসদীয় দলনেতা নির্বাচিত হয় আৰু উপ-দলনেতা হয় বিজয় সিনহা। নীতিশ কুমাৰৰ নতুন মন্ত্রীসভাৰ ২৬জন সদস্যৰ ভিতৰত ১৪জন বিজেপি, ৮জন নীতিশ কুমাৰৰ জেডিইউৰ আৰু চিৰাগ পাছোৱানৰ এলজেপি (আৰ) ৰ দুজন, জিতন ৰাম মাঝিৰ হাম তথা উপেন্দ্ৰ কুছোৱাহাৰ আৰএলএমৰ এজনকৈ সদস্যই স্থান লাভ কৰে। বিহাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকল হ’ল উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা, মন্ত্ৰী হোৱাসকলৰ ভিতৰত বিজয় চৌধুৰী, বিজেন্দ্ৰ যাদৱ, শ্ৰৱণ কুমাৰ, মংগল পাণ্ডে, দিলীপ জয়ছৱাল, অশোক চৌধুৰী, লেছি সিং, মদন সাহনী, নিতিন নবীন, ৰাম কৃপাল, সন্তোষ আদিয়েই আছে সুমন, সুনীল কুমাৰ, জামা খান, সঞ্জয় সিং টাইগাৰ, অৰুণ শংকৰ, সুৰেন্দ্ৰ মেহতা, নাৰায়ণ প্ৰসাদ, ৰামা নিছাদ, লখেন্দ্ৰ কুমাৰ ৰোশন, শ্ৰেয়াসী সিং, প্ৰমোদ কুমাৰ, সঞ্জয় কুমাৰ, সঞ্জয় কুমাৰ সিং আৰু দীপক প্ৰকাশ।