ৰবাৰ্ট ভদ্ৰাৰ বিৰুদ্ধে ইডিৰ অভিযোগ পত্ৰ দাখিল
ৰঙিলী বাৰ্ত্তাসেৱা– বিপদত পৰিলে ছোনিয়া গান্ধীৰ জোঁৱাই তথা সাংসদ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰা । ইউপিএৰ শাসনকালত প্ৰতিৰক্ষা ক্ষেত্ৰত ৪০০কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ যি অভিযোগ অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল আৰু এই গোচৰৰ তদন্ত কৰিবলৈ গৈ ৰবাৰ্ট ভদ্ৰাৰ সংযোগ বিচাৰি পায় ইডিয়ে। এইক্ষেত্ৰত তাকে লৈ দিল্লীৰ আদালতত দাখিল কৰা হৈছে অভিযোগ পত্ৰ। উল্লেখ্য যে ইডিয়ে ভদ্ৰাক যোৱা জুলাই মাহত জেৰা কৰিছিল ।
