গোলাঘাট বৰপথাৰ অঞ্চলৰ দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন
মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত পৰীক্ষাত লোক নিৰ্মাণ বিভাগত কনিষ্ঠ অভিযন্ত্ৰা ৰূপে নিযুক্তি পোৱা নাহৰবাৰী গাঁৱৰ হীৰানাথ শৰ্মাৰ পুত্ৰ প্ৰাণজ্যোতি শৰ্মাক দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শাখাৰ সভাপতি দীপালী শৰ্ম্মা, সম্পাদক প্ৰশান্ত দত্তৰ নেতৃত্বত যোৱা এটা দলে তেওঁৰ বাসগৃহত গামোচা ,মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰে ।

এই কাৰ্য্যসূচীত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ কুমাৰ শৰ্মা, দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ উপদেষ্টা বুধিন ফুকন , দন্দেশ্বৰ বৰাকে প্ৰমুখ্য কৰি বহু জেষ্ঠ ব্যক্তি উপস্থিত থাকে ।নাহৰবাৰীৰ দৰে অনগ্ৰসৰ অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যুৱকজনৰ সফলতাত স্থানীয় ৰাইজকে ধৰি বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে ।
