লিমাৰিক
মালবিকা দেৱী,শোণিতপুৰ
(১)
প্ৰাৰ্থনা সভাত মৌৱে মায়াৱিনী গালে,
তাৰে এটা কলি তাই গাব পাহৰিলে।
ভুলকৈ গানটো গালে,
মাকে ফটো তুলি ল’লে।
ফেচবুকত ফটো দি মাকে সাঁচি থলে।
(২)
ৰিয়াই ভাল গান গাই মাকে কৈ ফুৰে,
গানৰ লগত তাল মিলাব নোৱাৰে।
ক’লে তাই বেয়া পায়,
ভুল তাই কৰি যায়।
মাকে তাই গুণ গাব কেতিয়াও নেৰে।
