পৰিণতি – ৰুক্মিণী দাস

পৰিণতি 

ৰুক্মিণী দাস,শ্ৰীহাটী

মই জুবিনে কৈছো

তেল থাকোঁতেই
নুমাই গ’ল মোৰ
জীৱন বন্তি
কিনো কৰিম কেঁচা
কলিজাৰ ৰং সানি
দুষ্ট চক্র ই মোৰ ল’লে
জীৱন কাঢ়ি ।।

গৰলকে অমৃত বুলি ভাবি
পান কৰিছিলো বিষ
মোৰ শিৰে শিৰে
কালকূট বিষে
গোটেই শৰীৰ ধৰিলে আৱৰি ,
আৰু মোৰ প্ৰাণ বায়ু
উৰি গ’ল অজান দেশলৈ
উভতি নহাৰ দেশলৈ ।

কিন্তু মই আছো
সোনাপুৰত ৰৈ
কোনে কি কৰিছে
তাকে চাৱলৈ ,
দেখি আছো মোৰ সমাধিত
অহৰ্নিশে জ্বলি আছে
চাকি বন্তি
জুবিন ক্ষেত্ৰ মন্দিৰত
পৰিণত হ’ল আজি ।।
কুটিল চক্রৰ হাতত
পৰাজিত হ’লো মই
শেষ পৰণতি চা’বলৈ
ৰৈ আছো ইয়াতে মই