ইংগিত – ৰীতা বুঢ়াগোহাঁই

Pc Unsplash

ইংগিত

ৰীতা বুঢ়াগোহাঁই
তিনিচুকীয়া

সময় সলনি হ’ল, চিন্তা বিপৰীত হ’ল
তোক মাৰি মই খাম, সৰ্ব্ব গ্ৰাহ কৰিম।

ৰোজগাৰী জনতাৰ যুক্তিয়ে আজি
উত্তৰ বিচাৰি হাহাকাৰ কৰি
পদে-পদে খায় উজুটি ।

একোটি পঁজা ঘৰ
দেহৰ ঘামেৰে সজা
এমুঠি অন্নৰ বাবে সৰ্ব্ব ভূক
হুতাশন নিৰ্দয় নিৰ্মম ব্যৱহাৰ
বিচাৰৰ যে আজি
আদালত নাই দৰিদ্ৰৰ ।

বীৰদৰ্পে মহাবাহু মেলি
ধ্বংসৰ দানৱ আহে আগুৱাই
নিঃকিণ জীৱনৰ কান্দোন
বুকুতে লুকাই ।

প্ৰলয়ৰ জাগ্ৰত ক্ষুধাত
জাহ গ’ল সৰ্ব্বগামী
জহি-খঁহি পৰিল দেৱাল
জুপুৰিও ঠান-ঠিক
নোহোৱা হ’ল

মুক, অন্ধ হৈ ৰ’ল
নিৰ্জনতাৰ অন্ধকাৰত
চৌদিশে জীৱন জ্বলিছে
আৰ্তজনৰ হাহাকাৰত

মানুহৰ আজি কোনো দাম নাই
মৃত্যুৰ বাবেও চকুপানী শুকাল
বিপন্ন সময় আৰু বিপন্ন দেশ
ৰজা- মহাৰজাৰ শাসন কালত
বিশ্বাস জীৱনৰ ছন্দ হেৰাল

কম্পিত প্ৰাণো আজি গৰ্ভৰ ভ্ৰুণ
আকাশ-বতাহ কলুষিত হ’ল
সমাজ সংস্কৃতিৰ মূধাখুটাও লৰিল ।।