মই অপেক্ষা কৰি ৰম – চিমী বৰুৱা

Pc Stockcake

মই অপেক্ষা কৰি ৰম

 চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী

বিগত তিনিবছৰ ধৰি নীলা প্ৰতিটো বৰষুণৰ দিনত একেটা স্থানত আহে—নদীৰ কাষৰ বটগছৰ তলত। সেই ঠাইটোতেই নীলা আৰু অৰূপে প্ৰথম দেখা হৈছিল ।

অৰূপে ঘূৰি যাওঁতে কৈছিল , “নীলা, যি দিনা প্ৰথম বৰষুণ পৰিব, মই ঘূৰি আহিম। তেতিয়ালৈ তুমি অপেক্ষা কৰিবা।”

সেই দিনৰ পৰা নীলাৰ জীৱনটো যেন সময়ৰ পৰা আটৰ হৈ পৰিল। প্ৰতিটো বৰষুণে তাইক সেই কথা মনত পেলোৱাই । আজিও আকাশত ধুমুহা মেঘ, বজ্ৰৰ গর্জন, আৰু বতাহে বতৰি দিয়ে—বৰষুণ নামিবই।

নীলা ওলাই আহিল, হাতত ছাতি , চকুত আশা। বৰষুণৰ প্ৰথম টোপালটো পৰিল, নীলাৰ ওঁঠত মৃদু হাঁহি।

কিন্তু অৰূপ আহিল নে?

ঘণ্টা পাছত ঘণ্টা ধৰি বাটটো খালী হৈ থাকিল । মানুহবোৰে ঘৰলৈ ঘূৰি যায়, বৰষুণ বাঢ়ি যায়, আকাশ ওচৰলৈ নামি আহে।

নীলাৰ কণ্ঠত এক নীঃশব্দ বেদনাই ফুটি উঠিছে

“মই অপেক্ষা কৰি ৰম, তুমি আহিবা জানো উভতি?”

বৰষুণৰ টোপালে তাইৰ চকুপানী লগত মিলি গ’ল ।

তাই তাতেই থিয় হৈ ৰ’ল—যেন সময়ৰ ওপৰত অঁকা এটা প্ৰতিচ্ছবি।

মানুহে কয়, প্ৰতিটো বৰষুণৰ নিশা বটগছৰ তলত এজনী ছোৱালীক দেখা যায়—হাতত ছাতি , চকুত আশা, মুখত হাঁহি…

যেন তাই এতিয়াও কয়, “মই অপেক্ষা কৰি ৰম, তুমি আহিবা জানো উভতি?”