জীৱনৰ অন্তিম শয়নত
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ, নগাঁও
লোভ আৰু মোহে মোক আগুৰি ধৰিছিল,
মই হেৰাই গৈছিলোঁ…
বিংশৃঙ্খলতাৰ ঘূৰ্ণিবতাহজাকৰ মাজত ।
মানুহ হোৱাৰ সাৰ্থকতা হেৰুৱাই পেলাইছিলোঁ,
মই সিক্ত কৰিছিলোঁ জীৱনটোক ৰত্নাকৰৰ অভিমানত ।
এয়া মৃত্যুৰ অন্তিম শয়নত,
অশ্ৰুধাৰাৰ মাজত নিজ মুখেই স্বীকাৰ কৰিছোঁ ।
উশাহবোৰে অহৰহ হেঁচি ধৰিছে,
যেন বিষপান কৰা মোৰ দেহৰ এয়া অন্তিম ক্ষণ ।
শুনিছো জীৱনৰ অন্তিম শয়নত
মানুহবোৰ শুদ্ধ আৰু কোমল হয় ।
কিবা জানো লাভ আছে?
লোভৰ পিছত মাৰাথন দৌৰি দৌৰি,
হেৰুৱাই দিলোঁ সোণোৱালী জীৱনৰ মাদকতা ।
মৃত্যুৰ শয়নখনৰ লগত কি লৈ যাম?
সকলো শূন্য…
সকলো নীৰৱ…
সকলো অহংকাৰ
এইয়াই শাস্তি ।
মই মানুহ হোৱা হয় মৃত্যুৰ শয্যাত
হাঁহি হাঁহি ক’লো হয়…
“এই জীৱন বৰ অনুপম!”
মোৰ উশাহবোৰ কোমল হ’ল হয়
হাজাৰজনে গালে হয় প্ৰয়াণৰ গান ।
এতিয়া মাথোঁ ক’ব এজন বেয়া মানুহৰ
মৃত্যু হ’ল অলপমান ঠাই পৱিত্ৰ হ’ল ।
মৃত্যু পথত লিখা আছে
ধন-সম্পত্তিবোৰ জাঁহ গ’ল
মানৱতাবোৰ অমৰ হৈ ৰ’ল।
Your pride and arrogance
will become obstacles on
your path to wealth and prosperity.
Be prepared to face and accept
the consequences of your own actions.
