ডিব্ৰুগড় শিল্পী সমাজ আৰু ডিব্ৰুগড় ৰাইজৰ উদ্যোগত শিল্পী চৈয়দ ছাদুল্লাক সুঁৱৰি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুলস্থিত নেইনা চিনেমা হল প্ৰাংগণত ১৬ নবেম্বৰ দেওবাৰে ডিব্ৰুগড় শিল্পী সমাজ আৰু ডিব্ৰুগড় ৰাইজৰ উদ্যোগত প্রয়াত বৰেণ্য শিল্পী , গীতিকাৰ, আবৃত্তিকাৰ, সুৰকাৰ,গিতাৰিষ্ট, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথম অসমীয়া বাতৰি পঢ়োতা, অসমীয়া, হিন্দী, ইংৰাজী আদিকে ধৰি বিভিন্ন তথ্যচিত্ৰত ঘোষক হিচাপে কণ্ঠদান কৰা,চৈয়দ ছাদুল্লাৰ সোঁৱৰণত এক শ্রদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বকতা নেমুগুৰি নিৱাসী বয়োজ্যোষ্ঠ খুৰীয়েক বেবী বেগম প্ৰমুখ্যে উপস্থিত থকা গণ্য-মান্য ব্যক্তিসকলে চৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে। তাৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনাসভা অনুষ্ঠিত হয়। সৰ্বধৰ্মীয় প্ৰাৰ্থনাত ভকত শ্যাম কলিতা আৰু দিবাকৰ বৰুৱাই ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়, মিনহাজ আৰু হাফিছ চাহাবে কোৰাণ পাঠ, ফাদাৰ ক’ছ পল আৰু তেওঁৰ সংগীবৃন্দই বাইবেল পাঠ, জ্ঞানী গুৰুদয়াল সিঙে গুৰু গ্ৰন্থ চাহিব আৰু যদুপতি শ্যাম দাসে গীতা পাঠ কৰি চৈয়দ ছাদুল্লাই দেখুৱাই যোৱা জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে এক হৈ থকাৰ আদৰ্শক প্ৰতিপন্ন কৰে। অনুষ্ঠানত চৈয়দ ছাদুল্লাৰ কনিষ্ঠ কন্যা সুভানা ছাদুল্লাই আবেগিক হৈ দেউতাকে শিকাই যোৱা কথাবোৰ সুঁৱৰি বক্তব্য ৰাখে। ইংৰাজী শব্দৰ উচ্চাৰণ, সময়ানুবৰ্তিতাকে আদি কৰি বহু কথা দেউতাকে শিকাই থৈ গ’ল যদিও দেউতাক অবিহনে কেনেকৈ জীয়াই থাকিব লাগে সেই কথা নিশিকোৱাৰ বাবে বক্তব্য প্ৰদান কৰাৰ সময়তে আবেগিক হৈ পৰে। তাৰ পিছতে বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ প্ৰশান্ত বৰদৈলেয়ে চৈয়দ ছাদুল্লাৰ স্মৃতি বিজড়িত কথাবোৰ উপস্থাপনেৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত আকাশবাণী ডিব্ৰুগড় আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মূৰব্বী লোহিত ডেকাই চৈয়দ ছাদুল্লাই তেওঁৰ জীৱনত যোগাই যোৱা অৰিহণাৰ কথা সুঁৱৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। বহু কেইজন গণ্য-মান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰাৰ পিছতে ডিব্ৰুগড় শিল্পী সমাজে চৈয়দ ছাদুল্লাই সুৰসংগত কৰা, সূৰ্যকুমাৰ ৰাজাই ৰচনা কৰা আৰু মন্দিৰা শৰ্মা লাহিৰীয়ে কণ্ঠ নিগৰোৱা জনপ্ৰিয় গীত ‘অহাৰ দৰে উভতি আঁতৰি গ’লা’ পৰিৱেশন কৰে। শ্রদ্ধাঞ্জলী অনুষ্ঠান সন্দৰ্ভত অসম পর্যটন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই কয় যে প্ৰয়াত চৈয়দ ছাদুল্লাৰ যিখিনি মহান সৃষ্টিৰাজী, সেই স্মৃতি নৱপ্ৰজন্মৰ মাজত বিলাই দিবৰ কাৰণে ডিব্ৰুগড়ত প্ৰতিবছৰে এইদৰে তেওঁৰ নামত এটা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰি আৰু তাৰ কাৰণে চিন্তা-চৰ্চা কৰিছোঁ বুলি কয়। চৈয়দ ছাদুল্লাৰ সৃষ্টিৰাজী, গীতসমূহক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ শিল্পী সমাজ আৰু ডিব্ৰুগড়ৰ ৰাইজেলোৱা পদক্ষেপৰ বাবে বৰুৱাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সুৰশ্ৰী ফুকনে আঁত ধৰা এই অনুষ্ঠানত চৈয়দ ছাদুল্লাৰ কনিষ্ঠ কন্যা সুভানা ছাদুল্লা, ভাতৃ চৈয়দ আছাদউল্লাৰ লগতে সমূহ পৰিয়ালবৰ্গ লগতে উপ-মেয়ৰ উজ্জ্বল ফুকন, আকাশবাণী ডিব্রুগড় আৰু দূৰদর্শন কেন্দ্রৰ অনুষ্ঠান মূৰব্বী লোহিত ডেকা, অসম গৌৰৱ শিল্পী ৰাম চাচনী, সমাজ কৰ্মী চৌকাত লতিফ, নালিয়াপুলৰ ৱাৰ্ড কমিশ্যনাৰ, শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ মুখ্য আহ্বায়ক তথা অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলা সীমান্ত বৰুৱাকে প্ৰমুখ্য কৰি অনেক গণ্য-মান্য ব্যক্তি আৰু প্ৰায় তিনি শতাধিক চৈয়দ ছাদুল্লাৰ গুণমুগ্ধ আৰু পৰিয়ালৰ লোক উপস্থিত থাকে।
