নাৰী নাৰীৰ শত্ৰু
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
আমি বাস কৰা সমাজখন তথাকথিত ৰূপত পুৰুষতান্ত্ৰিক সমাজ। কিছুমানৰ বিষয়ত নাৰীক অলপ হেয় জ্ঞান কৰা হয়। কিন্তু পুৰুষ সমাজে কেতিয়াও নাৰী পুৰুষৰ শত্ৰু বুলি নাভাবে। পুৰুষতান্ত্ৰিক সমাজত নাৰীক পুৰুষৰ সম মৰ্যদা দিবলৈ অস্বীকাৰ কৰে। যদিও চৰকাৰে নাৰী পুৰুষ সমান বুলি স্বীকৃতি দিছে। সকলো বিষয়ত নাৰীও পুৰুষৰ সমকক্ষ ভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বৰ্তমান সময়ত।
কিন্তু আজিৰ সমাজত নাৰীয়ে নাৰীৰ শত্ৰু। বেলেগ কোনো শত্ৰুৰ প্ৰয়োজন নপৰে। যি সমাজত পুৰুষক আধিপত্যৰ আসনত বহুৱাই নাৰীক দীঘল দিন ধৰি এক গৌণ সত্তা হিচাপে গণ্য কৰা হয় তেনে পৰিস্থিতিত নাৰীয়ে নিজৰ ওপৰতে নিজে ক্ষুব্ধ হৈ এনে কিছুমান আচৰণ কৰে যি আচৰণে শত্ৰুকো তুচ্ছ কৰে।যদিও আইন আৰু শিক্ষাৰ দিশত কেৱল কথিত ৰূপত নাৰী-পুৰুষ সমতা স্থাপন কৰা হৈছে, তথাপি সমাজ জীৱনত সেই সমতা আজিও পূৰ্ণ ৰূপে প্ৰতিফলিত হোৱা দেখা নাযায় । তথাপিও নাৰীয়ে নিজৰ মেধা, ক্ষমতা আৰু অধ্যৱসায়েৰে সকলো ক্ষেত্ৰত পুৰুষৰ খোজত খোজ মিলাই আগবাঢ়িবলৈ সক্ষম হৈছে।বিজ্ঞান, ৰাজনীতি, শিক্ষা, ক্ৰীড়া বা সাহিত্য সকলো ক্ষেত্ৰত। কিন্তু এই উন্নতি যেন এচাম লোকৰ চকুৰ কুটা। এই এচামৰ ভিতৰত পুৰুষৰ তুলনাত নাৰীৰ স্ংখ্যা সৰহ।
বিশেষকৈ এই নতুন প্ৰজন্মৰ আগৰ প্ৰজন্মটো। তেঁওলোকৰ ভাষ্য ছোৱালী মানুহ কিয় বাহিৰত চাকৰি কৰিব লাগে, কিয় পুৰুষৰ সমান্তৰালকৈ নিজক প্ৰতিষ্ঠিত কৰিব লাগে, কিয় উপাৰ্জন কৰি স্বাৱলম্বী হ’ব লাগে, কিয় উচ্চ শিক্ষিত হোৱাৰ প্ৰতিযোগিতা কৰিব। ছোৱালী হৈ জন্ম লৈছে বিয়া পাতি সন্তান লালন পালন কৰি গিৰিয়েক, শাহু- শাহুৰীৰ খেদমত(সেৱা) কৰিব। ইয়াৰ বাবেই ছোৱালীৰ জন্ম। এনেকুৱা মানসিকতাই এজন নাৰীক আন এগৰাকী নাৰীৰ শত্ৰু কৰি তোলে।
নাৰীয়ে নাৰীৰ শত্ৰু। এই কথাটো শুনাতেই যেন আত্মসম্মানত আঘাত লাগে। কিন্তু বাস্তৱত এই কথাটোৰ গভীৰ সত্যতা আছে। প্ৰায়ে দেখা যায়, নাৰীৰ পথত বাধা দাঙি ধৰা পুৰুষ নহয়, আন এগৰাকী নাৰী। এগৰাকী নাৰীৰ সাফল্য, সৌন্দৰ্য্য বা সামাজিক প্ৰতিষ্ঠা বহু নাৰীৰ বাবে ঈর্ষাৰ কাৰণ হৈ পৰে।
এই মনোভাৱৰ মূল কাৰণ সমাজৰ ঐতিহাসিক গঠন। পুৰুষতান্ত্ৰিক সমাজে শতাব্দী ধৰি নাৰীক প্ৰতিযোগিতাৰ ক্ষেত্ৰত উৎসাহিত কৰি অহা দেখা যায়।যদিও একাংশই এই কথাটো সহ্য নকৰে। সেয়েহে সিঁহতে যুক্তি দিয়ে যোগ্যতা দেখুওৱা কিংবা বাহ্যিক সৌন্দৰ্য্য বজাই ৰখা এইবোৰ মাত্ৰ পুৰুষৰ মনোৰঞ্জনৰ বাবে । আৰু পুৰুষেই নাৰীৰ মূল্য, গুৰুত্ব নিৰ্ধাৰিত কৰিব পাৰে।
নাৰীয়ে আন নাৰীক নিজৰ প্ৰতিদ্বন্দ্বী বুলি ভাবিবলৈ ধৰে।
অফিচ হওক ,কাৰ্যক্ষেত্ৰ বা ৰাজনীতি হওক য’ত য’ত নাৰী আগবাঢ়ি আহিছে, সেইখিনিতো এই ঈর্ষাৰ বিষবীজ দেখা যায়। এগৰাকী নাৰী আন এগৰাকী নাৰীৰ সাফল্যক হেয় কৰা, পদোন্নতিৰ পথত বাধা দাঙি ধৰাৰ চেষ্টা কৰা, বা নিজৰ আভিজাত্য প্ৰতিপন্ন কৰিবলৈ অন্যক অপমান কৰা এইবোৰ ঘটনা আজি সমাজত অতি স্বাভাৱিক হৈ পৰিছে।
পৰিয়ালখনৰ ভিতৰতো এই ধৰণৰ মনোভাৱৰ শিপা থাকা দেখা যায়। শাশুৰীয়ে বোৱাৰীক প্ৰতিদ্বন্দ্বী হিচাপে চোৱা, ভনীয়েকৰ সফলতাত ঈর্ষা কৰা, বা কন্যাক পুত্ৰতকৈ কম মৰ্যাদা দিয়া এইবোৰেই দেখুৱাই যে নাৰীয়ে নিজেই কিমান গভীৰভাৱে আন এগৰাকী নাৰীক শত্ৰু জ্ঞান কৰে।
আধুনিক সময়ত সামাজিক মাধ্যমৰ যুগত এই সমস্যা আৰু বেছি প্ৰকট হৈছে। আন এগৰাকী নাৰীৰ সুন্দৰ দৃশ্যপট, সাফল্য বা জীবনশৈলী দেখি বহু নাৰী মানসিক ভাবে তুলনা আৰম্ভ কৰে। এই তুলনাই জন্ম দিয়ে হতাশা, নিজক ক্ষুদ্ৰ ভাবাৰ বোধ আৰু আন নাৰীৰ প্ৰতি অদৃশ্য বৈৰিতা।
এই অসুস্থ মনোভাৱৰ চিকিৎসা একেই সহানুভূতি আৰু সহযোগৰ বোধ গঢ়ি তোলা। নাৰীয়ে বুজিব লাগিব যে আন নাৰীৰ সাফল্য তেওঁৰ নিজৰ ব্যৰ্থতা নহয়। এগৰাকী নাৰীয়ে যদি আন এগৰাকী নাৰীক সহায় কৰে, উৎসাহ যোগায়, তেন্তে সেই সহানুভূতিয়ে সম্পূৰ্ণ নাৰী সমাজক আগবাঢ়ি লৈ যাব। নাৰীহে নাৰীৰ প্ৰকৃত শক্তি । এই উপলব্ধিটো সমাজৰ প্ৰতিজন ব্যক্তিয়ে অৱগত হোৱাটো অতি প্ৰয়োজন।
বৰ্তমান সমাজত নাৰীয়ে আন নাৰীৰ ওপৰত বিশ্বাস স্থাপন কৰাটো প্ৰয়োজন। এজনে আনজনৰ সাফল্যত আনন্দিত হ’বলৈ শিকিব লাগে।সামাজিক ঐক্য, সহকৰ্মিতা আৰু একাত্মতাৰ জৰিয়তে হে নাৰীশক্তি সঁচা অৰ্থত বাস্তৱ ৰূপ ল’ব পাৰে।
সদৌশেষত ক’ব পাৰি নাৰী যদি নাৰীৰ শত্ৰু হৈ থাকে, তেন্তে নাৰীশক্তি , কিংবা সমাজ এখন শক্তিশালী ৰূপত গঢ়া, পৰিয়াল এটা সুকলমে চলা বৰ অসুবিধা হ’ব।
গৃহ যুদ্ধ চলিয়েই থাকিব যাৰ প্ৰভাৱ পৰিয়াল, সমাজ, দেশ এখনত পৰিব। নাৰীয়ে নাৰীৰ প্ৰতি সমৰ্থন, স্নেহ আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তুলিব লাগিব। কিয়নো এগৰাকী নাৰীৰ জয় কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয় সেইটো সকলো নাৰীৰ জয়ৰ মাজত লুকাই থাকে যাৰ পৰা আৰম্ভ হ’ব পাৰে এক নতুন যুগৰ…।
