উত্তৰ প্ৰদেশৰ  শিলৰ কোৱেৰীত  ১৫জন শ্ৰমিক আবদ্ধ

pc- the hindu

উত্তৰ প্ৰদেশৰ  শিলৰ কোৱেৰীত  ১৫জন শ্ৰমিক আবদ্ধ

ৰঙিলী বাৰ্ত্তাসেৱা-উত্তৰ প্ৰদেশৰ শিলৰ কোৱেৰীত আবদ্ধ হৈ আছে ১৫জন শ্ৰমিক । উত্তৰ প্ৰদেশৰ  সোণভদ্ৰাৰ শিলৰ কোৱেৰীত পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত  ১৫জন শ্ৰমিক  আবদ্ধ হয় । নিশা প্ৰায় ৩ বজাত কোৱেৰীৰ কাষতে থকা শিলৰ পাহাৰৰ পৰা হঠাৎ শিল বাগৰি শ্ৰমিককেইজন আবদ্ধ হয় পৰে । এছডিআৰএফ আৰু এনডিআৰএফ  বাহিনীয়ে ইয়াৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে । জানিব পৰা মতে শ্ৰমিককেইজনে মেচিনৰ  সহায়ত প্ৰকাণ্ড শিলত ফুটা কৰি শিল ভঙা কামত নিয়োজিত হৈ আছিল । ঘটনাৰ খবৰ পোৱাৰ  পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে ।