ইডেন গার্ডেনত চলি থকা প্রথমখন টেষ্টৰ দ্বিতীয় দিনা ১৫টা উইকেটৰ পতন
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ইডেন গার্ডেনত চলি থকা প্রথমখন টেষ্টৰ দ্বিতীয় দিনা ১৫টাকৈ উইকেটৰ পতন ঘটে। দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছৰ ১৫৯ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম দিনা ১ উইকেটত কৰা ৩৭ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি দক্ষিণ আফ্ৰিকাৰ ছাইমন হাৰ্মাৰ আৰু মার্কো জানছেনৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। জানছেন আৰু হাৰ্মাৰৰ চমকপ্রদ বলিঙৰ সন্মুখত ভাৰতীয় দলটোৰ কোনো এজন বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। আগদিনা ১৩ ৰানত অপৰাজিত হৈ থকা লোকেশ ৰাহুলে ভাৰতীয় দলটোৰ হৈ সৰ্বাধিক ৩৯ ৰান কৰে। ৰাহুলে ১১৯টা বলত সম্মুখীন হৈ ৪টা চাৰি আৰু ১টা ছয়েৰে ৩৯ ৰানৰ অৱদান আগবঢ়ায়। ইফালে আগদিনা ৬ ৰানত অপৰাজিত হৈ থকা বাশ্বিংটন সুন্দৰে ঘৰুৱা দলটো হৈ দ্বিতীয় সর্বাধিক ৰান কৰে। সুন্দৰে ২৯ ৰানত বিদায় লয়। ঋষভ পন্টে ২৭, ৰবীন্দ্ৰ জাডেজাই ২৭, অক্ষৰ পেটেল ১৬ আৰু ধ্ৰুৱ জুৰেলে – ১৪ ৰানৰ অৰিহণা আগবঢ়ায়। অধিনায়ক শুভমন গিলে ৪ ৰানত ৰিটায়ার্ড হার্ট হয়। ভাৰতীয় দলটোৱে ৬২.২ অভাৰত ১৮৯ ৰানত প্ৰথম ইনিংছ সামৰে আৰু ৩০ ৰানৰ অগ্রগতি লাভ কৰে। ইফালে দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি ঘৰুৱা দলটোৰ দুই তাৰকা স্পীনাৰ ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱৰ দুৰ্দান্ত স্পীন বলিঙৰ সন্মুখত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় দক্ষিণ আফ্রিকা। আলহী দলটোৱে দ্বিতীয় দিনৰ খেলৰ অন্তলৈকে ৭টা উইকেট হেৰুৱাই মাত্র ৯৭ ৰান সংগ্ৰহ কৰিছে। অধিনায়ক টেম্বা বাহুমাই ২৯ আৰু কবিন ব’চে ১ ৰান কৰি ক্ৰিজত আছে। আলহী দলটোৱে দলীয় স্ক’ৰ ১৮ ৰানত প্ৰথমটো উইকেট হেৰুওৱাৰ পাছতে বিপৰ্যয়ৰ সন্মুখীন হয়। জাদেজা আৰু কুলদীপৰ স্পীনত দক্ষিণ আফ্ৰিকাৰ কোনো এজন বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। অপেনাৰদ্বয় ৰিয়ান ৰিকেলটনে ১১ আৰু মাৰ্কৰামে ৪ ৰান কৰাৰ বিপৰীতে মুল্ডাৰে ১১, জর্জিয়ে ২, ষ্টাবছে ৫, ভেৰেনিয়ে ৯ আৰু জানছেনে ১৩ ৰানত বিদায় লয়। ভাৰতীয় দলটোৰ হৈ জাদেজাই ৪টা উইকেট লাভ কৰাৰ লগতে কুলদীপে দুটা আৰু অক্ষৰ পেটেলে এটা উইকেট লাভ কৰে।
