ৰাইজৰ দলৰ দিছপুৰ সমষ্টি সমিতিৰ উদ্যোগত প্ৰিয় শিল্পী সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ জন্মদিন উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৮ নৱেম্বৰ তাৰিখে অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰাইজৰ দলৰ দিছপুৰ সমষ্টি সমিতিয়ে বশিষ্ঠস্থিত শিশু উদ্যানত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে কয় এই দিনটোত জুবিন গাৰ্গৰ অনুৰাগীসকলে একেলগ হৈ শিল্পীগৰাকীৰ সৃষ্টিশীল জীৱনক সন্মান জনাব। মানৱতাবাদী শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই পুৱা ৯.৩০ বজাৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰম্ভ কৰা হ’ব। ইয়াৰ পাছতেই দিনৰ ৩ বজাত সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কণ্ঠশিল্পী ববিতা শর্মা, তৃষ্ণা দেৱী, ৰাকেশ ৰিয়ান, লিয়ান প্ৰিন্স , ফেঞ্চি ৰাজকুমাৰী, মেঘনা বৰপূজাৰী, কুন্তল চক্ৰৱৰ্তী আদিকে ধৰি ন পুৰণি শিল্পী সকলে।
