দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc- mathrubhumi.com

দিল্লী বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে ভূটান ভ্রমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুবুৰীয়া দেশখনৰ পৰাই দিল্লী বিস্ফোৰণৰ সৈতে জড়িতসকলক কঠোৰ সকীয়নি প্রদান কৰে। কালি সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত কাৰবোমা বিস্ফোৰণত প্রায় ১৩জন লোকৰ মৃত্যু হোৱাৰ পিছত পূর্বনির্ধাৰিত কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱাই ভূটানলৈ ৰাওনা হয় প্রধানমন্ত্রী মোদী। ভুটানৰ ৰজা চতুৰ্থ ৱাংচুকৰ ৭০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়- মই ভুটানলৈ আহিছোঁ যদিও বুকুত গভীৰ বেদনা অনুভৱ কৰিছোঁ। ভুক্তভোগী পৰিয়ালবৰ্গৰ মৰ্মবেদনা মই উপলব্ধি কৰিছোঁ। সমগ্র দেশবাসী পীড়িত পৰিয়ালৰ কাষত থিয় দিছে। মই ওৰেনিশা এই ঘটনাৰ তদন্তৰ লগত জড়িত সকলো সংস্থা, শীর্ষ বিষয়াৰ সৈতে সঘন যোগাযোগত আছোঁ। ঘটনা সন্দর্ভত আমি সবিশেষ আলোচনা কৰিছোঁ। আমাৰ তদন্তকাৰী সংস্থাসমূহে শীঘ্রেই এই ঘটনাৰে জড়িত মূল অপৰাধীক চিনাক্ত কৰিবলৈ সক্ষম হ’ব। আমি কোনো ষড়যন্ত্রকাৰীক ৰেহাই নিদিওঁ।