ছত্তিশগড়ত নিৰাপত্তাৰক্ষীয়ে হোৱা সংঘর্ষত ৬ দুর্ধর্ষ মাওবাদী নিহত 

Pc NDTV

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীয়ে হোৱা সংঘর্ষত ৬ দুর্ধর্ষ মাওবাদী নিহত 

ৰঙিলী বাৰ্ত্তাসেৱা-  ছত্তিশগড়ৰ বিজাপুৰ জংঘলত গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত ৬জন দুর্ধর্ষ মাওবাদী নিহত হয়। বিজাপুৰ অঞ্চলত মাওবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ তথ্য পোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। পলায়নৰ সুযোগ নোপোৱা মাওবাদী দলটোৱে নিৰাপত্তাৰক্ষীক উদ্দেশ্যি গুলীচালনা কৰিবলৈ ধৰে। প্ৰত্যুত্তৰত দুয়োপক্ষৰ বহু সময় ধৰি গুলীয়াগুলী লগাত ৬জন মাওবাদী নিহত হয়। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰিছে। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদীমুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ছত্তিশগড় আৰু ঝাৰখণ্ডৰ লগতে তেলেংগানাত ব্যাপক অভিযান আৰম্ভ কৰিছে।  চলিত বৰ্ষৰ ২১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অভিযানত এতিয়ালৈকে ৩১জনৰো অধিক মাওবাদী নিহত হৈছে।