স্নিগ্ধভৰা বৰ্ষা
ছেলিমা বেগম, নগাঁও
এজাক স্নিগ্ধভৰা বৰ্ষা নামি আহিলে,
কাতি মাহৰ সংক্ৰান্তিৰ দিনা নামিলে।
কুঁৱলী’ৰ বগা চাদৰ খন মেৰিয়াই লৈ
কুঁৱলী’ৰ ফাঁকে ফাঁকে নৃত্য কৰিবলৈ।
দুবৰি বনত মাজত দিয়ে মণি মুকুতা ছটিয়াই।
শীতৰ যৌৱন বুকুত বান্ধি আহিছে ভটিয়াই।
টুপ টুপ বৰষুণৰ টোপাল ধৰণীত নামে,
বৰষুণৰ তালে তালে শীত নামে ।
এয়া হৈছে শৰত’ৰ মিলন বৰষুণৰ লগত,
ঠাণ্ডা নামি আহে ধৰাৰ বুকুত।
শৰত’ৰ আগমনৰ বাৰ্তা পাই,
গছে বনে আনন্দৰ সীমা নাই।
এজাক সিগ্ধভৰা বৰষুণে ঋতু ৰাণীক সজালে,
শেৱালি ,মাধৰি, মল্লিকা ফুলিলে।
প্ৰকৃতিৰ বুকুত শাৰদীয় ৰাণীৰ আগমন,
সাজু হৈ উঠিল সেউজীয়া পথাৰ খন।
ঋতু ৰাণী তোমাক আদৰিবলৈ,
কঁহুৱা বন ফুলি আছে নৃত্য কৰিবলৈ।
