গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণৰ

গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিকভাৱে শিলান্যাস কৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী তথা প্রথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নিৰ্মাণস্থলী ভোলাগুৰিত অনুষ্ঠিত এই কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কনকলতাৰ সাহস আৰু ত্য়াগৰ কথা স্মৰণ কৰে । ভোলাগুৰি চাহ বাগিচাৰ ৭৩৮ বিঘা পৰিত্যক্ত ভূমি সামৰি প্রাণ প্রতিষ্ঠা হোৱা বহুপ্রত্যাশিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন হ’ব কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা তথা প্রশিক্ষণ (টি-ভেট) প্রদানেৰে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়। কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, ড্রোন প্রযুক্তি আৰু কোৱান্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক ক্ষেত্রসমূহত এক দক্ষ ভৱিষ্যতৰ বাবে নৱপ্ৰজন্মক গঢ় দিয়াৰ পৰিকল্পনাৰে স্থাপন হ’বলগা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ প্ৰকল্পৰ ব্যয় ধাৰ্য কৰা হৈছে ৪১৫ কোটি টকা। এই শিলান্যাস অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়- গহপুৰে প্ৰতিজন অসমীয়াৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰি আহিছে। এই ভূমি হৈছে ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ মাত্র ১৭ বছৰ বয়সতে প্রাণ আহুতি দিয়া মুক্তিযোদ্ধা শহীদ কনকলতা বৰুৱাৰ জন্মস্থান। তেওঁৰ স্মৃতিত এখন বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা হৈছে তেওঁৰ প্ৰতি সর্বোচ্চ ত্যাগৰ যথোপযুক্ত শ্রদ্ধাঞ্জলি। তেওঁৰ নামেৰে এখন বিশ্ববিদ্যালয় পূর্বেই স্থাপন কৰিব লাগিছিল। সেয়া যিয়েই নহওক, তেওঁৰ উত্তৰাধিকাৰক সম্মান জনাই ৰাজ্যিক বিশ্ববিদ্যালয় প্রতিষ্ঠা আটাইতকৈ উপযুক্ত সিদ্ধান্ত। ভাষণ প্রসংগত কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- উত্তৰ-পূবৰ শৈক্ষিক পৰিৱেশক ৰূপান্তৰিতকৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ ফলশ্রুতিত ২০১৪ চনৰ পৰা অঞ্চলটোত শিক্ষাখণ্ডৰ প্রায় ২১ হাজাৰ কোটি টকা বিনিয়োগ হৈছে। কেৱল অসমতেই ৮৫০খনৰো অধিক নতুন বিদ্যালয় স্থাপন কৰা হৈছে এই সময়ছোৱাত। অসমত ১৫খন চিকিৎসা মহাবিদ্যালয়, ২০০খন নতুন দক্ষতা বিকাশ প্রতিষ্ঠান স্থাপনৰ সমান্তৰালকৈ উত্তৰ-পূবতে দেশৰ প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয়ৰো নিৰ্মাণকাৰ্য অব্যাহত আছে।

তদুপৰি অঞ্চলটোত শিক্ষা আৰু যোগাযোগ অধ্যয়নৰ প্ৰসাৰৰ বাবে আইজলত ভাৰতীয় গণসংযোগ প্রতিষ্ঠান (আইআইএমচি) স্থাপন কৰা হৈছে। শেহতীয়াকৈ চৰকাৰে গুৱাহাটীত এখন নতুন ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান (আইআইএম) স্থাপনৰ পথ মুকলি কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পূজাৰীৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি আৰু মংগলধ্বনিৰ এক মাংগলিক পৰিৱেশৰ মাজত ২৭০টা অমৃত কলহৰ মাটিৰে শিল্যানাস কৰা হয় কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ।  শিলান্যাস কাৰ্যসূচীৰ মুকলি ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়-  বিগত বছৰসমূহত ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্রী হিচাপে প্রায় ২০খন বিশ্ববিদ্যায় আৰু ২৫খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কামৰ সৈতে জড়িত হৈ অসমৰ বিকাশৰ যাত্ৰাৰ সংগী হোৱাৰ সৌভাগ্য হৈছে। অসমত স্থাপন হ’বলগীয়া কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা তথা প্ৰশিক্ষণৰ বিশ্ববিদ্যালয়খন ৰাজ্য চৰকাৰে এনে এগৰাকী মহিয়সী নাৰীৰ নামত উছৰ্গা কৰিব বিচাৰিছিল, যিগৰাকী অসম তথা দেশৰ বাবে যুগে যুগে প্ৰেৰণাৰ উৎস হৈ আহিছে। শ্বহীদ কনকলতা বৰুৱাৰ নাম মনলৈ অহাৰ লগে লগে প্ৰতিগৰাকী অসমীয়াৰ মনত দেশপ্ৰেমৰ এক অমল উৎসাহৰ সৃষ্টি কৰে। সেইবাবে বিশ্ববিদ্যালয়খন যাতে ব্যতিক্রমী নহয় আৰু নতুন অসমক প্রতিনিধিত্ব কৰিব পাৰে, দেশৰ আত্মনিৰ্ভৰশীলতাৰ এক প্রতীকস্বৰূপ হৈ পৰে, ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ উত্তৰণ আৰু বিকাশৰ দিশত প্ৰেৰণাৰ কেন্দ্ৰবিন্দু হৈ পৰে, তাৰ বাবে আমি প্রচেষ্টা হাতত লৈছিলোঁ। বিশ্ববিদ্যালয়খন মানৱ সম্পদ নিৰ্মাণৰ দিশত যাতে এটা মন্দিৰসদৃশ হৈ পৰে, সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে বহু পৰিকল্পনা গ্রহণ কৰিছে। বিশ্ববিদ্যালয় স্থাপন সন্দর্ভত অসম বিধানসভাত আইন পালিত কৰাৰ উপৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনৰ শৈক্ষিক কাঠামো নির্ধাৰণ কৰাৰ অর্থে আইআইটি গুৱাহাটীৰ অধ্যাপক ড° পৰমেশ্বৰ আয়াৰকে ধৰি কেইবাগৰাকীও শিক্ষাবিদক লৈ এখন শক্তিশালী কমিটীও ৰাজ্য চৰকাৰে গঠন কৰিছে। মুখ্যমন্ত্ৰী ড° শর্মাই কয়- লোকপ্রিয় গোপীনাথ বৰদলৈৰ চিন্তাৰে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছত স্থাপন হ’বলগীয়া শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ে ২০২৫ চনৰ নতুন অসমৰ বিকাশ আৰু বিৱৰ্তনৰ ৰূপকথাক প্রতিনিধিত্ব কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মোৰ মাটি, মোৰ দেশ’ কাৰ্যসূচীৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ২০ ছেপ্টেম্বৰৰ পৰা অসমত ৰূপায়ণ কৰা অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিঘৰৰ পৰা সংগ্ৰহ কৰা মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল। ৰাজ্যৰ ২৭০টা উন্নয়ন খণ্ড তথা পৌৰ নিগম-নিকায়ৰ পৰা প্ৰেৰিত অমৃত কলহসমূহৰ পৰা দুটাকৈ মুঠ ৫৪০টা কলহ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰাৰ পিছত ইয়াৰে ২৭০টা কলহ নতুন দিল্লীৰ শ্বহীদ স্মাৰকৰ সমীপত নিৰ্মাণ হ’বলগীয়া অমৃত বাতিকাৰ নিৰ্মাণৰ অৰ্থে প্ৰেৰণ কৰি অৱশিষ্ট ২৭০টা কলহ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে। এই মাটিকে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন নির্মাণত ব্যৱহাৰ কৰা হ’ব, যাতে উচ্চ শিক্ষা প্রতিষ্ঠানখনে অসমৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক প্রতিনিধিত্ব কৰিব পাৰে। তেওঁ কয়-অসমৰ নালন্দা-তক্ষশীলালৈ ৰূপান্তৰিত হ’ব গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন।

ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয়- বিশ্ববিদ্যালয়খনৰ স্থাপনৰ স্থান ভোলাগুৰি চাহ বাগিচাই মহান ঐতিহ্য বহন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই কনকলতা বৰুৱাৰ লগতে শোণিতপুৰ জিলাত স্বাধীনতাপ্রয়াসী জনগণক মৃত্যু বাহিনীত যোগদান কৰিবলৈ প্ৰেৰণা যোগাইছিল। তেনে এগৰাকী মহান ব্যক্তিৰ দ্বাৰা স্থাপিত চাহ বাগিচাখনতেই বিশ্ববিদ্যালয়খন অংকুৰিত হোৱাৰ দিশে আগবাঢ়িছে। এই বিশ্ববিদ্যালয়খনত ১০ হাজাৰ শিক্ষার্থীয়ে একেলগে অধ্যয়ন কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব। ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত ৰাজ্যত স্থাপন হোৱা বিশ্ববিদ্যালয়সমূহ মূলতঃ মহাবিদ্যালয় এখনক আধাৰ কৰি স্থাপন কৰা হৈছিল। কিন্তু শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খন সম্পূর্ণ গ্রীন ফিল্ড পৰ্যায়ত আৰম্ভ কৰা হৈছে আৰু এই বিশ্ববিদ্যালয়খনে কেৱল উত্তৰ অসমৰেই নহয়, সমগ্ৰ ৰাজ্যখনৰে মানৱ সম্পদ সৃষ্টিত এক বিশেষ ভূমিকা পালন কৰিব। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই শ্বহীদ কনকলতা বৰুৱাৰ আত্মত্যাগৰ কৰা শ্ৰদ্ধাৰে স্মৰণ কৰি কয়- সাহস আৰু ত্যাগৰ গাথাৰে ‘৪২ৰ গণ বিপ্লৱৰ ইতিহাসত গহপুৰৰ নাম স্বর্ণীল আখৰেৰে জিলিকাই ৰাখিছে কনকলতা বৰুৱাৰ ত্যাগে। আনহাতে ভোলাগুৰি চাহ বাগিচাৰ ঐতিহ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ১৯৩৫ চনত প্রথমখন অসমীয়া চিনেমা ‘জয়মতী’ৰ দৃশ্যগ্রহণ এই বাগিচাতে কৰা হৈছিল। যি পৱিত্ৰ ভূমিৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতৰ উন্মেষ ঘটিছিল, অসমীয়া সংস্কৃতিৰ নৱজাগৰণ হৈছিল সেই পৱিত্ৰ ভূমিতেই আজি শ্বহীদ কনকলতা বৰুৱাৰ নামত প্রযুক্তি আধাৰিত শিক্ষাৰ উদ্দেশ্যে এখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন হৈছে। আমাৰ ঐতিহ্য আধুনিকতা আৰু প্রতিশ্রুতিসমৃদ্ধ ভৱিষ্যতৰ ই এক মণিকাঞ্চন সংযোগ। উল্লেখ্য যে বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে ভোলাগুৰি চাহ বাগিচাৰ ভূমি বাছনি কৰাৰ পৰিপ্ৰেক্ষিতত বাগিচাখনৰ শ্ৰমিকসকলক ক্ষতিপূৰণৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুযায়ী এই অনুষ্ঠানতে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে তিনিগৰাকী চাহ শ্রমিকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰি পট্টা প্রদান কাৰ্যসূচীৰো শুভাৰম্ভকৰে। এই শিলন্যাস অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, অজন্তা নেওগ, অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, প্রমোদ বৰঠাকুৰ, দিগন্ত ঘাটোৱালৰ উপৰি শ্বহীদ কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।