বৃদ্ধ দম্পতীৰ চিঠি
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
এখন ঘনবসতি পূৰ্ণ চহৰ। বৰ ধুনীয়া চহৰখনৰ সোঁমাজেদি বৈ গৈছে এখন আটকধুনীয়া নৈ। ব্যস্ততাৰে ভৰা চহৰৰ প্ৰতিটো অলি-গলি নিতৌ পৰিপূৰ্ণ। কি দিন কি ৰাতি। একো ধৰিব নোৱাৰি। অৱশ্যে আজিকালি আধুনিক যুগৰ ডাঙৰ চহৰৰ চিত্ৰ তেনেকুৱাই। কোন কাৰ জগতত কোন কাৰ পৰশত? সৱেই ব্যস্ত আপোনক লৈ। চহৰৰ মাজমজিয়াত নাম জ্বলা কলেজত হুষ্টেলত ছাত্ৰ-ছাত্ৰীৰ হাই-ঊৰমি শুনা গৈছে।
: ঐ, কংকন ৰ’ আৰু নামাৰিবি।
: এৰি দে মোক তাক চাইহে এৰিম।
: কাকতি কৰিছোঁ,এৰি দে। নহ’লে ই মৰি যাব অ’।
: তহঁতৰ বাবে আৰু নোৱাৰিলোঁ। নহ’লে তাক আজি —
: হ’ব হ’ব। অলপ শান্ত হ।
কলেজৰ হুষ্টেলত ৰেগিং হৈছে। কংকনহঁত এই কলেজৰ চিক্স চেমিষ্টাৰৰ ছাত্ৰ। কলেজৰ আটাইতকৈ ডাঙৰ সিহঁতৰ গেং। বাকী বোৰে সিহঁতৰ সৈতে পাত্তা নাপায়। যিসকল নতুন সিহঁতক ইহঁত কেইটাই ৰেগিঙৰ নামত অত্যাচাৰ কৰে। ই স্বাভাৱিক হৈ পৰিছে। কংকন, বাবলু, ৰেজাউল, হীৰক আৰু চাজিদ এই পাঁচ জন অত্যন্ত অন্তৰঙ্গ বন্ধু। সিহঁত নাথাকিলে কিবা গোটেই হোষ্টেল খনেই যেন নিস্তব্ধ হৈ পৰে। কংকনৰ বাহিৰে বাকী সকল গাঁৱৰ। কংকনহঁতৰ ঘৰ চহৰৰ এটা মূৰত। সি যেনে বদমাচ তেনেদৰে পঢ়া-শুনাতো ভাল।
কংকন মাক-দেউতাকৰ একমাত্ৰ সন্তান। আলাসৰ লাৰু কংকনে সৰুৰে পৰাই যি বিচাৰিছে মাক-দেউতাকে কোনো দ্বিধাবোধ নকৰাকৈ নিমিষতে আনি দিছিল। যিকোনো প্ৰস্তাৱ মানি তাক যেন একপ্ৰকাৰ হিৰু বনাই দিছে। এদিনৰ কথা। সি তেতিয়া নৱম শ্ৰেণীত পঢ়ে।
: মা’ অ’ মা। মোক অহা কালি ম’বাইল কিনাৰ টকা দিবা।
: এতিয়া নালাগে বোপাই। মেট্ৰিক আহি আছে। দেউতাৰা মানা কৰিছে। মেট্ৰিক পাছ কৰাৰ লগে লগে ভাল ম’বাইল ল’বি আকৌ।
: সেইবোৰ নুবুজোঁ মা। তোমালোক তাহানিৰ মানুহ। তোমালোকে এইবোৰ বুজি নাপাবা। এতেকে অহকালিয়েই মোক টকা লাগিব। দেউতাক কৈ দিবা। নহ’লে কথা বিষম হ’ব।
: তেনেকৈ নক’বা বোপাই। বাৰু দেউতাৰাক মই বুজাই ক’ম।
কংকনৰ দেউতাক নীলকান্ত বৰ ভদ্ৰ ব্যৱসায়ী। ঘৰৰ লগতে লাগি আছে অতি সুন্দৰ গেলামালৰ দোকান খন। সম্পত্তি বুলিবলৈ একমাত্ৰ আছাম টাইপৰ ঘৰখনৰ সৈতে দোকান খন। মধ্যবিত্ত ঘৰৰ নীলকান্তৰ পৰিয়াল বুলিবলৈ কোনো নাছিল। তেওঁলোক সৰুতে ভাই-ককাই আৰু তেওঁ নিজে কলেৰা মহামাৰীৰ কবলত পৰিছিল। ভাগ্য ভাল বুলি নীলকান্ত জীয়াই আছে। বৰ ভদ্ৰ স্বভাৱৰ মানুহ জনক পত্নী দৰ্শনাই বুজাই কোৱাত সহজতেই মান্তি হ’ল। তেওঁ নিজে কিনি দিব বুলি কোৱাত সি নামানে। উপায় নাপায় এনড্ৰইট ম’বাইল এটা লোৱাৰ বাবে দিলে বিশ হাজাৰ টকা। স্বাধীনতাৰ নাৱেৰে সি বহু দূৰলৈকে যাবলৈ ধৰিলে। সহজ-সৰল পিতৃ-মাতৃক বেছি গুৰুত্ব নিদিয়া হ’ল। তাৰ মতে, এতিয়া তেওঁলোক আধুনিকতাৰ গৰাহৰ পৰা বহু দূৰৈত।
দিন বাগৰি এটি দুটিকৈ তিনিবছৰ হ’ল। সি গ্ৰেজুৱেচন কমপ্লিট কৰিলে। অৱশ্যে গাৰ্ল ফ্ৰেইণ্ড এজনী আঠাৰ দৰে লাগি আছে তাৰ সৈতে। এইবোৰ আধুনিক জীৱনৰ এৰাব নোৱাৰা অংগ। কংকন বৰ ধুনীয়া বাবে কলেজৰ বহুত ছোৱালীয়ে তাক ভাল পাব খুজিছিল। সি কিন্তু সাগৰিকাক নিজৰ বাবে বাছি লয়। সাগৰিকা বৰ ধুনীয়া কিন্তু বৰ অহংকাৰী। তাই প্ৰপাৰ চহৰৰে এগৰাকী অফিচাৰৰ একমাত্ৰ ছোৱালী। শিক্ষা সামৰি সিহঁতে বিয়া কৰাবলৈ আগবাঢ়িল। দুয়োৰে পিতৃ-মাতৃৰ সন্মতিত ধুমধামেৰে বিয়াখন পাৰ হ’ল। সাগৰিকাৰ দেউতাকৰ হতুৱাই তাৰ চাকৰি এটা যোগাৰ কৰিলে। সৰু আৰু সুখী পৰিয়ালটি অতি সুন্দৰকৈ চলিবলৈ ধৰিলে। কিন্তু এই সুখ জানো থাকে চিৰদিনলৈ? সুখৰ সিটো পৃষ্ঠাত অনবৰতে ৰৈ থাকে সুখতকৈ গভীৰ দুখৰ সাগৰখন।
কংকনৰ দেউতাক দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হ’ল। ক্ৰমান্বয়ে মানুহজনৰ দেহ-মন মৰহি যাবলৈ ধৰিলে। কংকনে দেউতাক লৈ চহৰৰ নামী নাৰ্ছিংত লৈ গ’ল। চিকিৎসা আৰম্ভ হ’ল। যিহেতু জমা টকা বেছি নাছিল। প্ৰথম ঢাপতেই টকা শেষ হ’ল।কংকনে যথেষ্ট উপাৰ্জন কৰে। কেইদিনমান পিছত পুনৰ দেউতাক লৈ ডাক্তৰৰ ওচৰত লৈ যাব লগা হ’ল।
: সাগৰিকা, দিয়াচোন এক লাখ টকা এটা। এইবাৰ দেউতাকক এডমিড কৰিব লাগিব।
: নহ’ব। এক টকা এটা নোপোৱা। সিদিনাও পাঁচ হাজাৰ টকা লৈ গ’লা। ঘূৰাই নিদিলা। দোকান খন বিক্ৰী কৰি দিয়া। কোনে চলাব সেইখন।
: একমাত্ৰ দোকান খন। এতিয়াই বিক্ৰী কৰি দিম?
: দিয়া আকৌ।
পিতৃ-মাতৃৰ ইচ্ছা নথকা স্বত্তেও একমাত্ৰ মূলধন দোকান খন বিক্ৰী কৰি দেউতাক এডমিট দিলে। প্ৰায় এক মাহ চিকিৎসা কৰাৰ অন্তত কংকনৰ দেউতাক অকণমান সুস্থ হ’ল । স্বামীৰ অসুস্থতাত চিন্তা কৰি কৰি কংকনৰ মাক বৰ দূৰ্বল হৈ পৰিল। লাহে লাহে তায়ো অসুস্থ হৈ পৰিল।
মাক: বোপাই মোৰ অৱস্থা বৰ ভাল নহয়, দেউতাৰাৰ অৱস্থাও শোচনীয়। আমি দুয়ো কেৱল মাংস খাব নোৱাৰোঁ। পাৰিলে আমাৰ বাবে মাছ, চুজি আৰু অন্যান্য ফল-মূল আনিবি।
সাগৰিকা: যি মন যায় তাকেই দিব নোৱাৰি। আমি যি দিওঁ তাকে খাব লাগিব আপোনালোকে। বেছি কৰিলে কিন্তু বৃদ্ধাশ্ৰমত থৈ আহিম।
কংকন: হ’ব সাগৰিকা বাদ দিয়া।
সাগৰিকা: নহ’ব। মোৰ কথা নামানিলে চিধাই আমাৰ ঘৰলৈ গুচি যাম। মনত ৰাখিবা তুমি কৰা চাকৰিটো মোৰ দেউতাই দিয়া। এনেও মই ইয়াত নাথাকোঁ। চহৰৰ মাজমজিয়াত থাকিম। এতেকে mind it.
পিতৃ-মাক: হ’ব বোপাই। আমাৰ একো নালাগে। তহঁতে আমাক এৰি নাযাবি মাত্ৰ। ( দুয়ো হুকহুকাই কান্দিব ধৰিলে)
পিছদিনা কিছু চাউল কিছু দালি ৰাখি সিহঁত গুচি গ’ল শহুৰৰ পৰিয়ালৰ সদস্য হ’বলৈ। কংকনে এবাৰ-দুবাৰ পিতৃ-মাতৃৰ কথা উলিয়াই কিন্তু সাগৰিকাৰ চিধা কথা, চাকৰি বছাব হ’লে কিম্বা তাইৰ সৈতে সংসাৰ কৰিবলৈ হ’লে পিতৃ-মাতৃৰ খা-খবৰ ল’ব নোৱাৰিব। তাইৰ মতে, ঘৰখন যথেষ্ঠ ডাঙৰ, এতেকে আধাখিনি বিক্ৰী কৰি চলিব। মুঠতে সম্পৰ্ক আৰু যোগাযোগ বন্ধ হ’ব লাগিব।
ইফালে অসুস্থ পিতৃ-মাতৃয়ে নিজৰ ঘৰখনৰ সন্মুখৰ দুটা ৰূম ভাড়াত দিয়ে আৰু কোনোমতে কাণে কাণ মাৰি চলি আছে। ৰোগৰ দৰৱ আছেই। দুয়োৰে সংগী কেৱল চকুলো। এইদৰে বাগৰিল আৰু দুটা বসন্ত। কংকনৰ পুত্ৰ সন্তান জন্ম হ’ল। আধুনিকতাৰ পৰশত সিহঁত অতি সুখেৰে দিন অতিবাহিত কৰিছে। এদিনৰ কথা।
কংকন: ব’লা এদিন আমাৰ ঘৰৰ পৰা আহোগৈ।মা আৰু দেউতাক আমাৰ ৰাহুলক দেখাই লৈ আহোঁ।
সাগৰিকা: এনে বাক্য আৰু উচ্ছাৰণ নকৰিবা। অসুস্থ দেহৰ পৰা ৰোগৰ বীজাণু সোঁচৰিব। ককা-আইতা নাই বুলি তাক বুজাই আছোঁ মই। তুমি পণ্ডিতালি নকৰিবা।
কংকন: ঠিক আছে।
লাহে লাহে দেউতাকৰ অসুস্থতা বৃদ্ধি হ’বলৈ ধৰিলে। অসুস্থ দেহতকৈ অসুস্থ মনৰ বেদনা অসহনীয়। পিতৃ-মাতৃৰ প্ৰতিটো সময় অতিবাহিত হয় কেৱল চকুলোৰে। এদিন পিতৃ-মাতৃয়ে কথা পাতিছে–
: কংকনৰ কথা বৰকৈ মনত পৰিছে অ’। এবাৰ অন্ততঃ তাক চাব পাৰিলে —
: বাদ দিয়া দৰ্শনা। এনেকুৱা আশা নকৰিবা জীৱনত। আমাৰ যে একমাত্ৰ সন্তান আছে এই কথা পাহৰি যোৱা।
: বাদ দিছোঁ কিন্তু হৃদয়ৰ মণি কোঠাৰ পৰা তাক যে উলিয়াই দিব নোৱাৰি।
: অ’ তাকেই। মোৰো চোন একে দশা।
: নাতি হৈছে আমাৰ কিন্তু আমাক এবাৰ নেদেখুৱালে।
: বাদ দিয়াহে, আমি অসুস্থ বৃদ্ধ-বৃদ্ধা। আমাৰ ওচৰত তাক আনিলে ৰোগৰ বীজাণুৰ ভয় থাকে যে সেইবাবে হয়তো —
মাজ নিশাৰ নিস্তব্ধতা ভাঙি দুয়ো বহিল। চকুত ভাঁহিছে সন্তানৰ স্মৃতি। দেউতাকে চিঠি এখন লিখিবলৈ ধৰিলে,
বৃদ্ধ দম্পত্তিৰ চিঠি…..
বাপু অ’ আমাক থৈ গলি !
কিনো ক’ম আলৈ-আথানি,
অকণমান চাবলৈ মন গৈছে
তোৰ মৌসনা ৰঙীন মুখখনি।
তই যে আমাৰ আলসুৱা আশা
একমাত্ৰ তয়ে স্নিগ্ধ সপোন,
তইহীন জীৱন কল্পনাৰ অতীত
তই যে আমাৰ মাথোঁ আলাসৰ লাড়ু ।
বোপাই অ’ আজি বহুদিন হ’ল তইহীন
মনত পৰেনে আমাৰ অবিহনে ক’তো নোযোৱা
এদিন নহয় এক মিনিটো ৰ’ৱ নোৱাৰা
তই যে সঁচাই আমাৰ আচলৰ ধন ।
তই দেখোন সৰুতে কৈছিলি-মা মোৰ নয়নৰ মণি
পিতাই মোৰ পৰম বন্ধু আৰু লগৰী,
আজি-কালি মনত নপৰেনে সেইবোৰ
পাহৰিব পাৰনে সেইবোৰ অতীত ?
আমাক দেখোন প্ৰতি ক্ষণ স্মৃতিবোৰে আমনি কৰে
ভোক নালাগেই চোন তোৰ কথাবোৰ ভাবি,
নিদ্ৰাহীন ভাবে পৰি থাকোঁ ওৰেটো নিশা
কলিজাখন কিবা ধৰ্ফৰাই থাকে অ’ ।
উচ্চ শিক্ষিত বোৱাৰীৰ সৈতে ঠিকে আছ’নে তই?
সময়ত খোৱা-বোৱা হয়নে?
আগৰ দৰে একেলগত সৱেমিলি কথা-বতৰা
আৰু মিলা-প্ৰীতিৰে চলিছ’নে?
নাতি হৈছে বোলে শুনিছো—
কেনে হৈছে সি ? মুখখনি তোৰ দৰে ন—
তাৰ বয়স কিজানি দুই বছৰমান হ’ল
বৰ দুষ্টামি কৰি ফুৰেনে সি ?
কেতিয়াবা তাক কৈছ’নে আমাৰ কথা ?
পাৰিলে তাক নকবি আমাৰ কথা
হয়তো সি বাৰে বাৰে বিচাৰি আমনি কৰিব
জানিব বিচাৰিব আলসুৱা অতীত ।
তই ভালে থাকিবি অ’ বোপাই
তোৰ আশা আকাংক্ষাবোৰ পূৰ হওঁক
আমাৰ মৃত্যুৰ বাৰ্তা শুনিলে চাবলৈ আহিবি
পাৰিলে নাতিক লৈ আহিবি অ’ ,
তাক দূৰৈৰ পৰা আমাক দেখুৱাবি।
তোৰ নামত এটি ইনচুৰেন্স খুলিছিলোঁ
আৰু দুটা বছৰ অন্তত মেচুৰিটি হ’ব
ঘৰখন তোৰ বাবে ৰাখি থৈছোঁ
কেতিয়াবা যদি আৰ্থিক সমস্যা হয়
আমাৰ হাতৰ পৰশত তিলতিলকৈ গঢ়া ঘৰখন
সমূলে বিক্ৰী নকৰিবি
সন্মূখৰ ভাড়া দিয়া দুটা কোঠা বিক্ৰী কৰিবি
আমাৰ হাতত হয়তো সময়
একেবাৰেই কম
আজিলৈ সামৰোঁ-এইখনেই হয়তো অন্তিম চিঠি ।
পিছদিনা ঘৰৰ কাষতে থকা ডাকঘৰত দুয়ো ধৰাধৰিকৈ কোনোমতে দি আহিল। ব্যস্ততাৰে পৰিপূৰ্ণ চহৰ। কোন কাৰ জগতত কোন কাৰ পৰশত। আপোন তেজৰ সম্পৰ্ক যেতিয়া খবৰ লোৱাৰ সময় নাই বাকী কাৰনো থাকিব সময়। দুখত কাতৰ দুয়ো ইপিনে দুৰাৰোগ্য ৰোগী। কংকনৰ দেউতাক সেইদিনা নিশাই মৃত্যু বৰণ কৰে। নিশাই ভাৰাতীয়া তিনিজন লোকে পহৰা দিয়ে আৰু পিছদিনা পুৱাই ভাৰাতীয়া সকলে বৃদ্ধা মাকৰ কথা অনুসৰি কংকনক বহুত বিচাৰিলে। অৱশেষত কংকনৰ শহুৰেকৰ ঘৰ পালে আৰু দেউতাক ঢুকুৱাৰ খবৰ দিলে। সেই সময়ত কংকন শুই থকাৰ সুযোগ লৈ পত্নী সাগৰিকাই কংকনক নজনালে যাৰ বাবে মৃত দেউতাকক ভাৰাতীয়া সকলে ধৰ্মীয় নীতি-নিয়মেৰে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰে।
দেউতাক ঢুকুৱাৰ ঠিক এসপ্তাহৰ পিছতেই কংকনৰ ডিঙিত বিষ। প্ৰচণ্ড বিষৰ বহু দৰৱ খালে যদিও বিষ নক’মা হ’ল। ডাক্তৰৰ পৰামৰ্শমতে পৰীক্ষা-নিৰীক্ষা অন্তত ধৰা পৰিল কেন্সাৰ ৰোগ। অতি সোনকালেই বাহিৰত নি ভাল চিকিৎসা দিলে ভাল হোৱাৰ সম্ভাৱনা আছে বুলি ডাক্তৰে কৈছে। আনুমানিক পোন্ধৰ-ষোল্ল লাখ টকা লাগিব। ইপিনে কোম্পানীৰ চাকৰি। অসুস্থতাৰ বাবে অনুপস্থিত থাকিলে বা একেৰাহে পোন্ধৰ দিনতকৈ বেছি দিন অনুপস্থিত থাকিলে চাকৰি নাথাকে। দুখৰ বাৰ্তা শুনিয়েই পত্নী সাগৰিকাই যেন কংকনক বেয়া পাব ধৰিলে। ঔষধ আনিছে যদিও ওচৰত নাহে আনকি সন্তানক ওচৰত যাবলৈ নিদিয়ে। খোৱা-লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সুকীয়াকৈ দিয়া হয়। অকলশৰীয়া হৈ পৰিল সি। এনেই দূৰাৰোগ্য বেমাৰ তাতে মূল্যহীন। এনেদৰেই অৱহেলিত হৈ বহু কষ্টৰে সৈতে প্ৰায় এক মাহ গুচি গ’ল। না টকাৰ যা-যোগাৰ,না বাহিৰত লৈ যোৱাৰ কোনো বন্দবস্ত। সি বিষাদৰ সাগৰত যেন হাবুডুবু কৰিছে। একমাত্ৰ সন্তানক মাতিছে। ৰাহুল, তুমি ইফালে আহা। সি দৌৰি আহিছে। কংকনে কৈছে,” ৰাহুল, তুমি মোৰ আৰু ওচৰত আহা। মই তোমাক হাত বোলাই অকণমান আদৰ কৰোঁ।” ৰাহুল ওচৰত আহিল। সি তাক মূৰত হাত বোলাই আদৰ কৰিব লৈছেহে। এনেতে সাউৎকৰে সাগৰিকা ওলাল। থাপ মাৰি ৰাহুলক ওচৰৰ পৰা কাঢ়ি লৈ গ’ল। দুই বছৰীয়া ৰাহুলেও কান্দিছে দেউতাৰ কান্দোন চাই।
পিছদিনা পুৱতি নিশাই সাগৰিকা কংকনৰ কান্দোন শুনি ৰূমটোত আহিছে।
: কংকন, তুমি তোমাৰ নিজৰ ঘৰলৈ গুচি যোৱা। অন্ততঃ তোমাৰ সন্তান আৰু মোৰ কথা ভাবি। নিতৌ তোমাৰ সংস্পৰ্শলৈ আহিলে কোনে জানে আকৌ আমাকো পায় এইবোৰ বেমাৰ। বেয়া পাব নালাগে।
: তোমাৰ কথাৰ বাবে তেওঁলোকৰ সৈতে কোনো সম্পৰ্ক ৰখা নাই। এতিয়া বা কি অৱস্থাত তেওঁলোক আছে নাজানো।
: একো নহয় বুজিলা। তেওঁলোকৰ সন্তান তুমি, তোমাক পেলাই দিব নোৱাৰে আৰু তাত তোমাৰ প্ৰাপ্য ঘৰখন আছে না।
এনেদৰে হতাশ আৰু ৰোগৰ কবলত যেন কংকন বৰকৈ মৰ্মাহত হ’ল আৰু সি পিতৃ-মাতৃৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে। শুই থকা ৰূমটোৰ বিছনা খনৰ তলত কিবা এটা কাগজ পৰি থকা কংকনৰ চকুত পৰিল। সি সেইটো আনি চালে তাৰ পিতৃ-মাতৃয়ে তালৈ লিখা চিঠি খন। চিঠিখন পত্নীয়ে পাই পঢ়ি বিছনা খনৰ তলতে দলিয়াই দিছিল। কংকন যাতে আবেগিক হৈ নিজৰ ঘৰলৈ নাযায় তাৰ বাবে এনে নিম্ন চিন্তা। সি বিষাদৰ চকুলোৰে সৈতে চিঠিখন পঢ়িলে আৰু থিৰাং কৰিলে যে সি অতি শীঘ্ৰে আপোন ঘৰলৈ উভতি যাব। সি নিজৰ বেগটো সাজু কৰি সন্তানৰ মুখৰ ফালে ভালদৰে এবাৰ চালে আৰু বিদায় লৈ আহিল। আহিয়েই নিজৰ অসুস্থ মাকক আকোঁৱালি ধৰি ক’লে, দেউতা ক’ত? মাকে হুকহুকাই কান্দি কান্দি দেউতাৰ মৃত্যুৰ বাৰ্তা দিলে। সি ইনাই-বিনাই খান্দিবলৈ ধৰিলে আৰু মাকৰ ভৰিত ধৰি ক্ষমা খুজিলে। মাকে তাক আকোঁৱালি লৈছে আৰু সন্তান ও পত্নীৰ খবৰ সুধিলে। সি গোটেই কাহিনীটো মাকক কান্দি কান্দি কৈ শুনালে। শুনিয়েই অসুস্থ মাকৰ হঠাৎ হাৰ্ট এটেক হৈ মৃত্যু হ’ল। সি মাকৰ অন্ত্যেষ্টিক্ৰিয়া কৰিলে কিন্তু পত্নীক নজনালে। সি পিতৃ-মাতৃয়ে চিঠিত লিখা অনুসৰি দুখন ৰূম বিক্ৰী কৰি নিজৰ চিকিৎসা কৰিলে আৰু সুস্থ হৈ উঠিল। এইবাৰ কংকন সুস্থ হোৱাৰ কথা পত্নীয়ে শুনিলে। কিছুদিন পিছত পুত্ৰ ৰাহুলৰ মৰম আৰু আপত্তিৰ বাবেই সাগৰিকাও ৰাহুলক লৈ হাজিৰ কংকনৰ ঘৰত। সি তাইক পাত্তাই দিয়া নাই কাৰণ তাইৰ বাবে সি নিজৰ পিতৃ-মাতৃৰ মৰম আৰু আশীৰ্বাদৰ পৰা বঞ্চিত হ’ল। তাই কংকনক ক্ষমা খুজিলে আৰু ৰাহুলৰ মৰমৰ বাবে তাইক কংকনে ক্ষমা কৰিলে।