স্বাৰ্থ ভৰা সময়ত অলপ নিস্বাৰ্থ হওঁ আহক ! – অৰ্ণৱ কটকী

PC Linkedin

স্বাৰ্থ ভৰা সময়ত অলপ নিস্বাৰ্থ হওঁ আহক !

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

আজিৰ সময় প্ৰতিযোগিতাৰ সময়। নিজক শ্ৰেষ্ঠতাৰ তুলাচনীত শ্ৰেষ্ঠ কৰাৰ সময়। গতিশীল সময়ৰ সোঁতত অস্পষ্ট হৈ পৰিছে মানৱতাৰ প্ৰচাৰ, পাঠ কিম্বা মনৰ। নিজৰ স্বাৰ্থৰ বাবে হয়তো বহুতেই পিন্ধি লৈছে এখনি ৰঙীণ মুখা। বিবৰ্ণ,অস্ফুত সহায় ভৰা এষাৰ মাত , আনৰ বাবে ভবাৰ সময়ৰ অভাৱ। মাথোঁ শিকি গৈছো দৌৰিব নিজৰ বাবে।         বৰ অভাৱ কাষৰ বা চৌপাশৰ জনক নিস্বাৰ্থ ভাৱে সময়, সহায় কৰাৰ। স্থায়ী একো নহয় তাৰ পিছতো…! স্বাৰ্থ লৈ যোগাযোগ ৰাখোঁ বা স্বাৰ্থ সাধন কৰাটোৱেই হয় পৰে আমাৰ লক্ষ্য। নিশ্বাস ত্যাগ কৰো মাথোঁ উশাহ লবলৈকে, তাতো থাকে স্বাৰ্থ কিছু, জীৱন জীয়োৱাৰ স্বাৰ্থ। তাৰ পাছতো কম নিস্বাৰ্থ হওঁ আহক দিনটোত অকণমান সময় হ’লেও নিস্বাৰ্থ ভাৱে পৰা খিনি সহায় বা সময় দিওঁ আহক। ধুনীয়া হ’ব আপোনাৰ জীৱনৰ লগতে সমাজখনো। মনটো ভাল হৈ পৰিব অলপ হ’লেও আপোনাৰো। ভালে থাকক সদায় আপুনিও।