গৌৰৱ গগৈ সম্পূৰ্ণৰূপে পাকিস্তানী এজেন্টঃমুখ্যমন্ত্ৰী

গৌৰৱ গগৈ সম্পূৰ্ণৰূপে পাকিস্তানী এজেন্টঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি আখ্য়া দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বিন গাৰ্গৰ ন্য়ায়ৰ বিষয়টোৰ তদন্ত চলি থকা বাবেহে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে একো কথা কোৱা নাই বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়,জুবিনৰ ন্যায় প্ৰক্ৰিয়া শেষ হোৱাৰ পিচতে সকলো কথা ৰাজহুৱা কৰিম ।উল্লেখ্য যে বিগত প্ৰায় ছটা মাহে ৰাজ্যৰ ৰাজনীতিৰ মূল বিষয় হৈ পৰিছিল গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক । তাৰ পিচতে ১৯ ছেপ্টেম্বৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্য়জনৰ মৃত্য়ুত বিষয়টো তল পৰে যদিও পুনৰ গৌৰৱ গগৈক এশ শতাংশ পাকিস্তানী এজেন্ট বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- গৌৰৱ গগৈ পিঅ’ৰলী পাকিস্তানী এজেন্ট।  মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ বিৰুদ্ধে মানহানি গোচৰ দিয়ক। তেওঁ এজন পিঅ’ৰলী পাকিস্তানী এজেন্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম, সেইদিনাখন আপোনালোকে গম পাব তেওঁ এশ শতাংশ পাকিস্তানী এজেন্ট। তেওঁ বিদেশী শক্তিৰ সহায় লৈ দেশৰ বিৰুদ্ধে পৰিকল্পনা কৰে। তাৰ উপযুক্ত প্রমাণ লৈ কথাটো মই কৈছোঁ। মুখ্যমন্ত্রী ড০ শৰ্মাই পুনৰ কয়- নিয়মমতে নির্বাচন আছে বুলি কঠোৰ হোৱা নাই। নির্বাচন নাথাকিলে আৰু অধিক কঠোৰ দেখুৱাই দিলোঁ হয়। নিৰ্বাচনৰ আগত কিবা এটা কৰিলে মানুহে ক’ব যে ৰাজনৈতিক কাৰণত এয়া কৰিছে। নহ’লে মোৰ হাতত যিমানখিনি তথ্য আছে, তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি-ফুৰি থাকিবই নোৱাৰে। কোনোবাই ভাবিছে, কাগজ নাই নেকি, ১০ ছেপ্টেম্বৰত দেখুওৱা নাই। কিন্তু মই ময়েই হয়, মই যি কৰিব লাগে টাইমত কৰিমেই। এজন মুখ্যমন্ত্রী হিচাপে মই কৈ আছোঁ- তেওঁ এজন পিউৰ পাকিস্তানী এজেন্ট। হি ইজ এ প্লেন্টেড পার্জন। বিষয়টোক লৈ মই সংবাদ মেল পতা নাই, নহ’লে ক’ব যে জুবিনৰ ইছ্যু ডাইভার্ট কৰা বুলি। গতিকে জুবিনক ন্যায় প্ৰদান কৰা কামটো কৰি লৈ এই কামত হাত দিম। উল্লেখ্য যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত গঠন কৰা এছআইটিয়ে তদন্ত কৰি ইতিমধ্যে প্রতিবেদন দাখিল কৰিছে। ইফালে মুখ্যমন্ত্রীয়ে কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰি কয়- কংগ্ৰেছ দল আৰু অসমত থকা মিঞা পার্টীয়ে লগ লাগি ৰাজ্যখনক বাংলাদেশৰ সৈতে লগ লগাবলৈ বিচাৰে। তেওঁলোকে সেই কাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতো গায় আৰু ইয়াক ন্যায্য বুলিও দাবী কৰে। অসমৰ ভৱিষ্যৎ বহুত বেছি ভাল ভৱিষ্যৎ নহয়। মিঞাসকলে যিধৰণে আগবাঢ়িছে, অসমক ধ্বংস কৰি পেলাব। অসমীয়া মানুহ যিমান সোনকালে সজাগ হয়, সিমানেই আমি বাচিব পাৰিম। নহ’লে আমাৰ জীৱনকালতে অসমখনক তেওঁলোকে লৈ ল’ব। মাটি দখল কৰিছে, ছোৱালী উঠাই লৈ গৈছে সেই ইছ্যুবিলাকৰ সৈতে জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যু তুলনা নহয়। সেইবোৰ আমাৰ জীৱন মৰণৰ সমস্যা। আমি কেনেকৈ জীয়াই থাকিম? এই ইছ্যুটো ডাইভার্ট হ’ব নোৱাৰে। বাংলাদেশী মিঞা ইছ্যু অসমত অহা ৩০ বছৰলৈ থাকিব। এই ইছ্যুটো কোনেও ডাইভার্ট কৰিব নোৱাৰে। সত্ৰৰ মাটি লৈ যোৱা, লাভ জেহাদ ইছ্যু হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নহয়।