জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিত আৱেগৰ জোৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘ প্রতীক্ষাৰ অন্তত ৩১ অক্টোবৰত শুভমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। দুচকুৰে অশ্ৰু নিগৰাই লাখ লাখ দৰ্শকৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি উচুপি উঠিল চিত্রগৃহত। অসম তথা দেশৰ ৪৬খন চহৰৰ ৫০০ খনতকৈও অধিক স্ক্রীনত অভিনয় চাই প্রতিজন দর্শকেই মাথোঁ সুঁৱৰিলে প্ৰাণৰ শিল্পীগৰাকীক। শিল্পীগৰাকীৰ সত্তাক। কাহিনীৰ গভীৰতা, কাহিনীত বাস্তৱৰ অনুৰণন, সংগীতৰ প্ৰতিটো লহৰে চুই যোৱা সুৰে আজি অসমৰ চলচ্চিত্ৰ ইতিহাসত প্রতিজন দর্শককে বেদনাসিক্ত কৰি তুলিলে। মৃত্যুৰ ৪২ দিনৰ পিছত শিল্পীগৰাকীৰ অভিনয়, সংগীত পৰিচালনাত নিৰ্মিত ‘ৰৈ ৰৈ বিনালে’ দেশ-বিদেশৰ ছবিগৃহত মুকলি হোৱাৰ পিছত ছবিখন দৰ্শন কৰি আৱাল-বৃদ্ধ বনিতা, যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈ সকলো দর্শকেই মুকবাক, শব্দহীন, শোকার্ত। দেশৰ চলচ্চিত্ৰৰ ইতিহাসত লাখ লাখ দর্শকে এনেদৰেই এখন চলচ্চিত্র চাবলৈ গৈ সমস্বৰে উচুপি উঠা ঘটনা বিৰল। উল্লেখ্য যে প্রাণৰ শিল্পীগৰাকীক হেৰুওৱাৰ ৪২ দিন পাৰ হৈ যোৱাৰ পাছত ‘ৰৈ ৰৈ বিনালে’ত তেওঁক আকৌ এবাৰ জীৱন্ত ৰূপত চাবলৈ, দেখিবলৈ পোৱাৰ হেঁপাহত সমগ্ৰ ৰাতি উজাগৰে থাকি পুৱতি নিশাৰ বৰষুণকো নেওচি গুৱাহাটী মহানগৰবাসীৰ লগতে সমগ্র অসমবাসী জুবিন অনুৰাগীয়ে হিলদল ভাঙি ছবিগৃহসমূহত ভিৰ কৰে। পুৱতি নিশা প্রতিজন অসমীয়াৰ আশা, হেঁপাহ, বুকুৰ ঢপঢপনি আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত শুভমুক্তি লাভ কৰিলে জুবিন আৰু তেওঁৰ দলটোৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। বহু প্রত্যাশিত ছবিখনৰ মুক্তিৰ দিনা বহু চিত্রগৃহ কর্তৃপক্ষই প্ৰাণৰ শিল্পীৰ বাবে বিশেষ আসন সংৰক্ষিত কৰি ৰখা পৰিলক্ষিত হয়। ‘ৰৈ ৰৈ বিনালে’ৰ নেতৃত্বত স্বয়ং জুবিন গাৰ্গৰ উপৰি আছে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা আৰু শিল্পীপত্নী গৰিমা গাৰ্গ। ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞা, কষ্টিউম ডিজাইনাৰ গৰিমা শইকীয়া গার্গ, কাহিনী আৰু স্ক্রীপ ৰাইটিং ৰাহুল গৌতম শৰ্মাৰ। আনহাতে অসমৰ ছবি ইতিহাসৰ সকলো ৰেকৰ্ড ভংগ কৰি ‘ৰৈ ৰৈ বিনালে’ পুৱতি নিশা ৪.২৫ বজাত শুভমুক্তি হয়। গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত মেট্রিক্স চিনেমাত পুৱতি নিশা ৪.২৫ বজাত বোলছবিখনৰ শুভমুক্তি হয়। আনহাতে ধেমাজিৰ আৰ আৰ চিনেমাত পুৱতি নিশা ৪.৩০ বজাত বোলছবিখনৰ শুভমুক্তি হয়। নিশা আঢ়ৈ বজালৈকে অসমৰ ছবিগৃহত বোলছবিখন চলাৰ সম্ভাৱনা আছে। পুৱতি নিশাৰ পৰাই ‘ৰৈ ৰৈ বিনালে’ চাবলৈ অশীতিপৰ বৃদ্ধ-বৃদ্ধাই দৰ্শকৰ শাৰীত শাৰী পতা কার্যই অসমীয়া বোলছবি জগতৰ বাবে আন এক বার্তা বহন কৰি আনিছে। বহু বিশেষভাৱে সক্ষম লোকেও বোলছবিখন দৰ্শন কৰিবলৈ আহি হুকহুকাই কান্দি উঠা পৰিলক্ষিত হৈছে। অসমৰ বোলছবি ইতিহাসত বুক মাই শ্ব’ৰ জৰিয়তে আগন্তুক এসপ্তাহলৈ সকলো বোলছবি গৃহৰ আসন সংৰক্ষণ কৰিছে ৭ লক্ষাধিক জুবিন অনুৰাগী দর্শকে। আগন্তুক ১৫ দিনলৈ অসমৰ ছবিগৃহত কোনো আসনেই খালী হোৱাৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰিছে বোলছবি গৃহ স্বত্বাধিকাৰীসকলে। তাৰ উপৰি অসমৰ বোলছবি পৰিচালকসকলে আগন্তুক তিনি-চাৰি মাহলৈ নতুন অসমীয়া বোলছবি ছবিগৃহলৈ অহাৰ সম্ভাৱনা নুই কৰিছে। অসমৰ বোলছবিগৃহ স্বত্বাধিকাৰী সংস্থাই ‘ৰৈ ৰৈ বিনালে’ চলি থকা অৱস্থাত কোনো হিন্দী ছবি প্ৰদৰ্শন কৰা নহ’ব বুলিও ইতিমধ্যে স্পষ্ট কৰি দিছে।
