গুৱাহাটী বিশ্ববিদ্যালত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শুভাৰম্ভ 

গুৱাহাটী বিশ্ববিদ্যালত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শুভাৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২৫বৰ্ষৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শুভাৰম্ভ হয়। যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মাই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত শ্রেণীসমূহৰ সচিব ড° হেমন্ত কুমাৰ নাথ, ছাত্র কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি, উপ-ছাত্র কল্যাণ সঞ্চালক ড° কুলদীপ পাটগিৰি, সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্ত, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱা, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মানস প্রতীম কলিতা, সাধাৰণ সম্পাদক কৌশিক বৰুৱা, অধ্যাপক-অধ্যাপিকা, বিশিষ্ট ব্যক্তিসকল সমন্বিতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সমূহ বিষববীয়াসকল ছাত্র-ছাত্রী উপস্থিত থাকে। বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক একাঁজলি শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ যুগজয়ী সৃষ্টি মানুহে মানুহৰ বাবে আৰু মায়াৱিনী ৰাতিৰ বুকুত শীৰ্ষক গীত দুটি পৰিৱেশন কৰা হয়। যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাসমূহ মহাবিদ্যালয়ক উদ্দেশ্যি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মাই শুভেচ্ছামূলক বার্তা প্রদান কৰি কয় যে যুৱ মহোৎসৱ কেৱল এটা সাংস্কৃতিক অনুষ্ঠান নহয়, ই হৈছে শিক্ষার্থীসকলৰ ঐক্য, সৃষ্টিশীলতা আৰু ব্যক্তিত্বৰ প্রতিফলন। প্ৰতিবছৰে এই উৎসবে আমাৰ বিশ্ববিদ্যালয়ক এক নতুন উৎসাহ প্রদান কৰে। বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে যি আন্তৰিকতাৰে ইয়াত অংশগ্ৰহণ কৰে, সেইটো এই উৎসৱৰ সৰ্বশ্রেষ্ঠ শক্তি। আশাকৰোঁ এই বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱে সকলোৰে মনত এক স্মৰণীয় অধ্যায় হিচাপে স্থান লাভ কৰিব। একতাৰ বান্ধোনেৰে ৰঙীন সাংস্কৃতিক শোভাযাত্ৰাত সুদক্ষ অভিনেতা আৰু পৰিচালক হিমাংশু প্রসাদ দাস, হোলী গীত বিশেষজ্ঞ প্রমথ ৰঞ্জন দাস আৰু বিশিষ্ট অভিনেতা জিতুমণি দেৱ চৌধুৰী বিচাৰক আৰু অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষীকেশ শর্মা উদ্বোধক হিচাপে উপস্থিত থাকে। বিশ্ববিদ্যালয় ক্রীড়া পৰিষদৰ অধীনত অনুষ্ঠিত এই মহোৎসৱত অসমৰ ৬০খনতকৈও অধিক মহাবিদ্যালয় আৰু ৭০০তকৈ অধিক প্রতিভাৱান শিক্ষার্থীয়ে সংগীত, নৃত্য, সাহিত্যিকে ধৰি বিভিন্ন প্রতিযোগিতাত নিজৰপাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। উল্লেখ্য যে এই বৰ্ষৰ যুৱ মহোৎসৱত অসমৰ প্ৰাণ, অমৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধা জ্ঞাপন কৰি তেওঁৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ স্বাৰ্থত জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত প্রতিযোগিতা শীর্ষক এক বিশেষ প্রতিযোগিতাৰ শিতান অন্তর্ভুক্ত কৰা হৈছে।