জুবিনক্ষেত্ৰ পৰিদৰ্শন গৰিমা শইকীয়া গাৰ্গসহ জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰ

জুবিনক্ষেত্ৰ পৰিদৰ্শন গৰিমা শইকীয়া গাৰ্গসহ জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে পুৱাই জুবিন ক্ষেত্ৰৰ প্ৰস্তাৱিত ভূমিৰ পৰিসীমাৰ বুজ ল’বলৈ সমাধি ক্ষেত্ৰক লৈ চৰকাৰে গঠন কৰা ১১ জনীয়া কমিটীৰ সদস্যসহ গৰিমা শইকীয়া গাৰ্গ সোণাপুৰৰ  জুবিনক্ষেত্ৰত  উপস্থিত হয় । প্রথমে জুবিনৰ সমাধিত আপোন মানুহজনক  শ্ৰদ্ধাৰে সেৱা জনাই আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। তাৰ পিছতে ভগ্নী পামী বৰঠাকুৰ, নিৰ্মাণ সমিতিৰ সদস্য মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত, বীৰেন সিংহ, শ্যামন্তক গৌতম, সুদৰ্শন ঠাকুৰ, প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মাকে ধৰি স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ বিষয়ববীয়াক লৈ জুবিনক্ষেত্ৰৰ চৌহদৰ ভূমিৰ পৰিসীমাৰ বুজ লয়। জুবিনক্ষেত্ৰৰ ভূমিৰ লগতে জুবিনৰ সৃষ্টিৰাজিক কেনেকৈ ৰখা হ’ব সেই সন্দৰ্ভত তেওঁ কয় যে জুবিনক্ষেত্রত আমাৰ যিটো ইচ্ছা আছে ইয়াক কেৱল সমাধি হিচাপে ৰাখিব নিবিচাৰোঁ। জুবিনক্ষেত্র এটা এক্সপেৰিয়েঞ্চ চেণ্টাৰ হওক। য’ত জুবিনৰ এটা মিউজিয়াম থাকিব। য’ত জুবিনৰ সকলো ধৰণৰ ভালপোৱা বস্তু মিউজিয়ামত ৰখা হ’ব। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৱে যাতে জুবিনক মনত ৰাখিব পাৰে তেনেধৰণে জুবিনক্ষেত্ৰৰ নিৰ্মাণকাৰ্য হোৱাটো বিচাৰিছে গৰিমাই। লগতে তেওঁ কয় যে জুবিনক্ষেত্ৰ কেৱল ২-৩ বছৰলৈকে চাকি-বন্তি জ্বলাই জুবিনক মনত পেলালে নহ’ব, চিৰদিন, চিৰকাল সজীৱ হৈ থাকিব লাগিব জুবিনক্ষেত্র। এই বিষয়ে পৰিয়ালৰ তৰফৰ পৰা চৰকাৰক প্রস্তাৱ দিয়া হৈছে। ইপিনে ক্ষেত্ৰৰ ভূমিৰ পৰিসৰ সন্দৰ্ভত তেওঁ কয় যে এতিয়া প্রায় দহ বিঘা ভূমি আছে যদিও পৰিসৰটো ডাঙৰ হ’লে ভাল হয়। এইক্ষেত্রত স্থানীয় ৰাইজে ৩০-৪০ বিঘা ভূমি ঠিক কৰি দিব বুলি উল্লেখ কৰে। জুবিনক্ষেত্রক এটা সম্পূর্ণ সাংস্কৃতিক, প্রাকৃতিকভাৱে এটা সুন্দৰ জুবিনক্ষেত্ৰ কেন্দ্ৰ কৰিব বিচাৰিছোঁ। বর্তমান সেইটো আৰ্হি কৰা নাই যদিও ইতিমধ্যে কৰাৰ বাবে সকলো প্ৰস্তুত কৰা হৈছে। লগতে তেওঁ কয় যে জুবিনক্ষেত্ৰৰ গাতে লাগি থকা স্থানীয় জনজাতীয় ৰাইজৰ ৰাজহুৱা শ্মশানখনৰ বাবে দুই বিঘা মাটি দিয়া হ’ব। জুবিনক্ষেত্ৰৰ ওচৰে-পাঁজৰে থকা সকলো জাতি-জনজাতীয় লোকসকলকো সন্মান কৰি কয় যে জুবিনক্ষেত্ৰৰ সকলো কামৰ বাবে সহযোগ কৰিব লাগিব। জুবিনৰ স্মৃতিৰ বাবে সেই স্থানতে এটা ৯-১০ ফুট ওখ জীয়া শিল স্থাপন কৰাৰ কথাও স্থানীয় লোকে কয়। এইক্ষেত্ৰত গৰিমা শইকীয়াই কয়, সেয়া আমাৰ বাবে, জুবিনৰ সন্মানৰ বাবে। কাৰণ জুবিন সকলোৰে অন্তৰত আছে, তেওঁ সকলোৰে বাবে। এটা আচৰিত কথা যে এঘাৰ বছৰ পূৰ্বে যোৰহাটৰ পৰা অনুষ্ঠান সামৰি আহি থাকোঁতে সোণাপুৰৰ পাটৰকুছিত এটা ওখ শিলৰ কাষতে বহি ফটো উঠিছিল জুবিনে। এই ফটোখনে পৰৱৰ্তী সময়ত বহু ভাইৰেল হৈ পৰিছিল। তেনেক্ষেত্ৰত জুবিনৰ জীৱনৰ শেষ ঠিকনা সোণাপুৰতে হ’ল। কিবা যেন এটা সংযোগ নিশ্চয় আছে। কেনেকুৱা ঐশ্বৰিক সেইটো নাজানো। ভাবিছোঁ ভগৱানৰে সেয়া কিবা আশীর্বাদ বুলিও কয় গৰিমাই। আনহাতে ‘ৰৈ ৰৈ বিনালে’ ছবিখন সকলোকে চোৱাৰ আহ্বান জনাইছে তেওঁ। ছবিখনৰ কাম চলি থকাৰ সময়ত স্ক্রীনত এটা গানো মই ভালকৈ চাব পৰা নাছিলোঁ। আপোন মানুহজনৰ সপোনৰ ছবিখন মই কেনেকৈ চাম মই নিজকে প্ৰস্তুত কৰিব পৰা নাই বুলি কৈ আৱেগিক হৈ পৰে গৰিমাই। সকলোৱে ছবিখনক মৰম দিছে। জুবিনৰ সপোন পূৰণ হ’ব। আজি জুবিনে যদি স্ব-চক্ষুৰে ছবিখন চাব পাৰিলহেঁতেন বহুত সুখী হ’লহেঁতেন। অসমীয়া ছবিৰ যাত্ৰাক লৈ তেওঁৰ যিটো সপোন দেখিছিল সেয়া পূৰণ হ’ব তেওঁৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ যোগেদি। ইয়াৰ পিছৰে পৰা অসমীয়া ছবিৰ সাংঘাতিক উত্তৰণৰ দিশে আগবাঢ়িব। ছবিখনৰ জি এছ টি সন্দৰ্ভতো গৰিমাই কয় যে ইতিমধ্যে জি এছ টিৰ ধনখিনি কলাগুৰু ফাউণ্ডেচনত জমা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৈছে। এইক্ষেত্রত মুখ্যমন্ত্রীক ধন্যবাদ জনাই গৰিমাই কয় যে জমা ধন কাৰোবাৰ শিক্ষা, চিকিৎসাৰ বাবে সহায় কৰা হ’ব। জুবিনক্ষেত্ৰৰ নিৰ্মাণৰ কামখিনি খৰতকীয়াকৈ নকৰি ধীৰ-সুস্থিৰে কৰক। কাৰণ খৰধৰকৈ কৰিলে কাম বেয়া হ’ব।লাহে লাহে কৰক সুন্দৰকৈ কৰক। জুবিনৰ জন্মৰ দিন নৱেম্বৰত। সেই বাবে তেওঁৰ স্মৃতিত কিছুমান সামাজিক কামো কৰি থকা হৈছে। বিশেষকৈ খানাপাৰাৰ পৰা সোণাপুৰ-জাগীৰোডলৈ সমগ্ৰ ৰাষ্ট্ৰীয় পথছোৱাৰ কাষত নাহৰৰ পুলি ৰোপণৰ কাম কৰা হৈছে। গাঁৱে-ভূঞেও ৰুব লাগিব নাহৰ। জুবিনে যিহেতু কৈ গৈছিল, য’তেই নাহৰ থাকিব তাতেই জুবিন থাকিব। চিৰ সেউজ নাহৰৰ মাজতে জুবিনে শান্তিৰে থাকিব। জুবিনৰ যিখিনি সৃষ্টিৰাজি তাক শৃংখলাবদ্ধ ভাৱে ৰাখিব লাগিব। ইতিমধ্যে বিশাল কলিতা নামৰ লোকজনে জুবিনৰ বহু গীত সংৰক্ষণ কৰিছে। সেইখিনি আমি কাগজে-পত্ৰই ৰাখিব লাগিব বুলি কয় গৰিমা শইকীয়া গাৰ্গে। কাৰণ সংৰক্ষণৰ ব্যৱস্থা কৰিলেহে পিছৰ প্ৰজন্মই জুবিনৰ বিষয়ে জানিব পাৰিব। শুদ্ধভাৱে আমি সংৰক্ষণ কৰিব লাগিব। পর্যায়ক্রমে সকলো কাম লাহে লাহে কৰিব লাগিব। জুবিনে যেনেদৰে সামাজিক কামসমূহ কৰিছিল তেনে পৰিসৰৰ সকলো কৰিব, আমি কৰিব নোৱাৰিলেও অসমবাসী ৰাইজৰ সহযোগত যিমান পাৰোঁ কৰি যাম। সৰু-সুৰাকৈ হ’লেও আমি প্ৰকৃতিৰ বাবে, মানুহৰ বাবে, জীৱ-জন্তুৰ বাবে কৰিবৰ বাবে চেষ্টা কৰিম বুলি কয় গৰিমা শইকীয়া গাৰ্গে।