অষ্ট্ৰেলিয়াক পৰাস্ত কৰি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। নৱী মুম্বাইত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে সাতবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পাঁচ উইকেটত পৰাস্ত কৰে। মন কৰিবলগীয়া যে ভাৰতে তৃতীয়বাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ ফাইনেলত উপনীত হয়। মেচখনত অষ্ট্ৰেলিয়াই জয়ৰ বাবে বান্ধি দিয়া ৩৩৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেমিমা ৰড্ৰিগুৱেজৰ দুর্দান্ত অপৰাজিত ১২৭ আৰু অধিনায়িকা হৰমনপ্রীতৰ দায়িত্বশীল ৮৯ ৰানৰ সহায়ত ভাৰতে ৪৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। দলীয় স্ক’ৰ ৫৯ ৰানত অ’পেনাৰদ্বয় শ্বেফালি বার্মা (১০) আৰু স্মৃতি মান্ধানাক (২৪) হেৰুৱাই দলটোৱে বিপদত পৰিছিল যদিও জেমিমা আৰু হৰমনপ্রীতে তৃতীয় উইকেটত ১৬৭ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। ইপিনে, দীপ্তি শৰ্মাই ২৪, ৰিছা ঘোষে ২৬ আৰু অমনজ্যোৎ কৌৰে অপৰাজিতভাৱে ১৫ ৰানৰ অৰিহণা আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ কিম গাৰ্থ আৰু এনাবেল ছাডাৰলেণ্ড উভয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপৰ্যয় সত্ত্বেও অ’পেনাৰ ফিবি লিছফিল্ডৰ দৰ্শনীয় ১১৯, এলিছ পেৰীৰ ৭৭ আৰু এছলি গার্ডনাৰৰ ৬৩ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াই ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্ৰহ কৰে। বেথ মুনিয়ে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়। ২ নৱেম্বৰত নৱী মুম্বাইত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ঘৰুৱা দল ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব। প্রথম ছেমিত দক্ষিণ আফ্রিকাই ইংলেণ্ডক পৰাস্ত কৰিছিল।

