বাহৰেইনত প্রতিভাৰে উজলিছে অসম সন্তান জুবিন গোহাঁই

বাহৰেইনত প্রতিভাৰে উজলিছে অসম সন্তান জুবিন গোহাঁই

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ খেলুৱৈৰ সফলতা। বাহৰেইনৰ ৰাজধানী চহৰ মানামাত তৃতীয় এছিয়া যুখ গেমছত ভাৰতক প্রতিনিধিত্ব কৰি জিলিকি উঠিল ২নং গুটিপাৰা, হাৰমতী, লখিমপুৰৰ  জুবিন গোহাঁই। ১৬ বছৰীয়া এইগৰাকী জুবিন গোহাঁয়ে হাই জাম্পত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমগৰাকী হাই জাম্পাৰ হিচাপে ১৭বছৰ অনূর্ধ্ব শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। ব্ৰঞ্জৰ পদক লাভ কৰি নৱম শ্ৰেণীত অধ্যয়নৰত জুবিনে কেৱল অসমলৈয়ে নহয় ভাৰতৰ বাবেও গৌৰৱ কঢ়িয়াই আনিছে । এটা সাধাৰণ পৰিয়ালৰ সন্তান জুবিন । বাহৰেইনত যোৱা ২২ ৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল তৃতীয় এছিয়ান য়ুথ গেমছৰ এথলেটিকছ খেলসমূহ । য’ত বিশ্বৰ ৪৫ খন দেশে অংশগ্রহণ কৰিছিল । মুঠ ২১ টা ইভেণ্টত খেলসমূহ অনুষ্ঠিত হৈছিল । জুবিনে ভাৰতক প্ৰতিনিধিত্ব কৰি লং জাম্পত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । বিশ্বৰ প্ৰায় ২ হেজাৰ খেলুৱৈয়ে সেই ক্ৰীড়া মহোৎসৱত অংশগ্রহণ কৰিছিল । বৰ্তমান জিন্দাল বিদ্যামন্দিৰত নৱম শ্ৰেণীত অধ্যয়নৰত জুবিনে জে এছ ডব্লিউ কৰ্ণাটকত সংশ্লিষ্ট ক্ৰীড়া শৈলীত শিক্ষাগ্ৰহণ কৰি আছে । উল্লেখ্য যে জুবিনে কেইদিনমান পূর্বে ওড়িশাত ৪০ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছত স্বর্ণপদক জয় কৰিছিল। বর্তমানে কর্ণাটকৰ বিজয় নগৰত ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্প’র্টছত প্রশিক্ষণ গ্রহণ কৰি আছে জুবিনে।