অতি শীঘ্রেই জুবিনৰ মৃত্যুৰ তদন্তৰ চার্জশ্বীট দিব এছআইটিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত প্রক্রিয়া বিশেষ তদন্তকাৰী দল (এছআইটি)-এ প্রায় সম্পূৰ্ণ কৰিছে বুলি জানিবলৈ দিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে এছআইটিয়ে জানিবলৈ দিয়া মতে, অতি সোনকালে এই তদন্তৰ চার্জশ্বীট আদালতত দিব। ইতিমধ্যে এছআইটিয়ে জানিবলৈ দিয়া মতে, তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা এছআইটিয়ে শেহতীয়াকৈ ছিংগাপুৰলৈ গৈ ছিংগাপুৰৰ আৰক্ষীৰ সৈতে তদন্ত সন্দর্ভত আলোচনা কৰাৰ লগতে জুবিন গাৰ্গৰ দুর্ঘটনা হোৱা স্থলী পৰিদৰ্শন কৰিছে। আনহাতে এছআইটিয়ে বর্তমানলৈকে প্রায় ৭৫জন ব্যক্তিৰ জবানবন্দী গ্ৰহণ কৰিছে। সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত ৭জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
