ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত চিকিৎসক ডাঃ ৱালিউল ইছলামে । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তোলনীয়া সন্তানক নিৰ্যাতন চলাই বিগত দুবছৰে কাৰাগাৰত থকা ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰিলে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চামিমা জাহানৰ আদালতে দুজন জামিনদাৰ আৰু ৫০ হেজাৰ টকাৰ বিনিময়ত অভিযুক্ত ডাঃ ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰে। অৱশ্যে বৰ্তমানেও জামিন লাভ কৰা নাই একেটা গোচৰত অভিযুক্ত হোৱা ডাঃ ৱালিউল ইছলামৰ পত্নী ডাঃ সংগীতা দত্তই ।লক্ষ্যণীয় যে, জামিনৰ নিৰ্দেশনাত ন্যায়ালয়ে অভিযুক্ত ডাঃ ইছলামক কেবাটাও চৰ্ত বান্ধি দিছে। এই চৰ্ত অনুসৰি অভিযুক্ত ডাঃ ইছলামে নিজৰ পাৰপত্ৰ জমা দিয়াৰ লগতে ভুক্তভোগী শিশু দুটিৰ কাষ চাপিব নোৱাৰিব। একেদৰে গোচৰৰ সাক্ষীক কোনো ধৰণৰ ভয়, ভাবুকি প্ৰদান কৰিব নোৱাৰিব। উল্লেখ্য যে, তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত বিগত দুটা বছৰে কাৰাৰুদ্ধ হৈ আছে ৱালিউল ইছলাম আৰু পত্নী ডাঃ সংগীতা দত্ত ।তোলনীয়া কনমাণি শিশুক নির্যাতনৰ গোচৰত দুয়োকে গুৱাহাটী আৰক্ষীয়ে ২০২৩ চনৰ ৬ মে’ত গ্ৰেপ্তাৰ কৰিছিল । আনহাতে বিগত বৰ্ষৰ ২৩ মে’ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছিল। বিতৰ্কিত চিকিৎসক দম্পতীটোক গ্ৰেপ্তাৰৰ প্ৰায় এবছৰ মূৰত আৰক্ষীয়ে শিশু নিৰ্যাতনৰ গোচৰৰ চূড়ান্ত অভিযোগনামা মহানগৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰিছিল । নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীটোক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৫৮ দিনৰ মূৰত ২০২৩ চনৰ ৪ জুলাইত গুৱাহাটীস্থ পকছ’ৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।উল্লেখ্য যে, আদালতত দাখিল কৰা অভিযোগনামাত আৰক্ষীয়ে অভিযুক্ত কৰিছিল ৫ গৰাকীক । ডাঃ সংগীতা দত্ত, ৱালিউল ইছলাম, উৎপলা বসুৰ উপৰিও দুই ব্যক্তিগত সহায়ককো অভিযুক্ত কৰা হৈছিল । চিকিৎসক দম্পতীটোৰ বিৰুদ্ধে 201/2023 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 307, 325, 326, 341, 506, 307(5/80) জামিনবিহীন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । ২০২৩ চনৰ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত ডাঃ সংগীতা দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
