গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- উৎকণ্ঠাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত জ্যেষ্ঠ সাংবাদিক তথা ক্ৰছ কাৰেণ্টৰ মুখ্য সম্পাদক খগেন কলিতা আৰু সম্পাদক পদত প্রতিদিন টাইমৰ সাংবাদিক অৰবিন্দ কলিতাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। ঘোষিত ফলাফল অনুসৰি, সভাপতি খগেন কলিতা আৰু সম্পাদক পদত অমৰেন্দ্ৰ ডেকাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক পদত শ্বাহ আলম, সহকাৰী সাধাৰণ সম্পাদক (মহিলা সাংবাদিকৰ বাবে সংৰক্ষিত) পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ পদত নিউজ লাইভ চেনেলৰ ভিডিঅ’ জার্নেলিষ্ট হীৰকজ্যোতি টাইদ (কানু) বিজয়ী হৈছে। একেদৰে এই নির্বাচনী ফলাফলত গুৱাহাটী প্ৰেছ ক্লাবৰ সাংগঠনিক সম্পাদক পদত দীপাংকৰ কলিতাই জয়লাভ কৰাৰ বিপৰীতে সাংস্কৃতিক বিভাগৰ সম্পাদক পদত সমীৰণ বৰঠাকুৰ আৰু ক্রীড়া সম্পাদক পদত নিউজ ১৮ৰ সাংবাদিক দীপাংকৰ দাসে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত এইবাৰ বিনাপ্রতিদ্বন্দ্বিতাৰে উপ-সভাপতি পদত প্রদীপ বর্মন আৰু মহিলা সাংবাদিকৰ বাবে সংৰক্ষিত উপ-সভাপতি পদত ৰঞ্জিতা ৰাভা বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। উল্লেখ্য যে মঙলবাৰে ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ পিছত বুধবাৰে নির্বাচন পৰিচালনা সমিতিয়ে ভোটগণনা কৰি আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰে। এইবাৰ নিৰ্বাচনত সভাপতি পদৰ বাবে খগেন কলিতা আৰু ভূৱন চেতিয়া অৱতীৰ্ণ হৈছিল। আনহাতে, সাধাৰণ সম্পাদক পদত মহানন্দ কলিতা, অপূর্ব কাৰ্জি, জুনজ্যোতি দত্ত বৰা আৰু প্রাঞ্জল বৰুৱা অৱতীৰ্ণ হোৱাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক পদত কে জামান চোধুৰী আৰু চালম অৱতীৰ্ণ হৈছিল। আনহাতে, মহিলা সাংবাদিকৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক পদত পদ্মিনী হাজৰিকা আৰু ৰশ্মিৰেখা শইকীয়া অৱতীৰ্ণ হোৱাৰ লগতে কোষাধ্যক্ষ পদত হীৰকজ্যোতি টাইদ (কানু), কনক শইকীয়া আৰু ৰণ্ট নেওগ অৱতীৰ্ণ হৈছিল। একেদৰে সাংগঠনিক সম্পাদক পদত দীপাংকৰ কলিতা, হেমন্ত শৰ্মা আৰু নয়নজ্যোতি ভূঞা অৱতীৰ্ণ হোৱাৰ লগতে সাংস্কৃতিক সম্পাদক পদত মনুজ দুৱৰা আৰু সমীৰণ বৰঠাকুৰ অৱতীৰ্ণ হোৱাৰ উপৰি ক্ৰীড়া সম্পাদক পদত দীপাংকৰ দাস আৰু পীতাম্বৰ নেৱাৰ অৱতীৰ্ণ হৈছিল।