কোকৰাঝাৰৰ ৰে’লপথত আই ই ডি বিস্ফোৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে নিশা কোকৰাঝাৰ আৰু চালাকাটিৰ মাজত ৰেল পথত সংঘটিত হৈছে ভয়ংকৰ আই ই ডি বিস্ফোৰণ। এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পূবফালে। বিস্ফোৰণৰ তীব্ৰতাত ৰেলপথৰ একাংশত বিস্তৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত বৰ্তমান সম্পূৰ্ণভাৱে ৰে’লৰ চলাচল স্থগিত ৰখা হৈছে।বিস্ফোৰণত কোনো হতাহত হোৱা নাই। বিস্ফোৰণত ছিন্নভিন্ন হৈ পৰে ৰে’লৰ বৈদ্যুতিক সংযোগৰ তাঁৰ ৷ উজনিমুৱা মালবাহী ৰে’লগাড়ী এখন পাৰ হৈ যোৱাৰ ঠিক পাছতেই সংঘটিত হয় এই বিস্ফোৰণ । এই ঘটনাৰ পিছতেই কোকৰাঝাৰৰ বিস্ফোৰণস্থলীত উপস্থিত হয় আই জি পি বিবেক ৰাজ সিং, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আদিকে ধৰি শীৰ্ষ বিষয়াসকল । তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণস্থলী পৰ্যবেক্ষণ কৰে । ইয়াৰ উপৰি ঘটনাস্থলীলৈ স্নিফাৰ ডগ অনাৰ লগতে ক’ৰ পৰা বিস্ফোৰণ ঘটোৱা হৈছে সেয়াও পৰ্যবেক্ষণ কৰে আই জি পিয়ে । ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে । আৰক্ষীয়ে জনোৱা মতে, তদন্তৰ অন্ততহে ক’ব পৰা যাব এই ঘটনা ক’ৰ পৰা কেনেদৰে সংঘটিত হৈছে । এই ঘটনাই অঞ্চলজুৰি চেপা আতংকময় পৰিৱেশ সৃষ্টি কৰিছে। সুৰক্ষা বাহিনীয়ে সমগ্ৰ অঞ্চলখনত তালাচী অভিযান তীব্র কৰি তুলিছে আৰু সম্ভাব্য সন্দেহজনক লোকৰ ওপৰত নজৰ ৰাখিছে।