নলবাৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ বিশাল জনসমদল যাত্রা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নলবাৰীৰ পৰা বিজেপিয়ে আৰম্ভ কৰে জনসমদল যাত্রা। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শীর্ষক এই জনসমদল আৰম্ভ হয় । সমদলত অংশগ্ৰহণকাৰীসকলে ‘জয় জুবিনদা’, ‘জুবিনদা অমৰ হওক’, ‘জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে’, ‘অপৰাধীক কঠোৰতম শাস্তি দিয়ক’ আদি শ্লোগানেৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চহৰখনৰ ৰাজপথ কঁপাই তোলে। এই গণ সমদলত উপস্থিত হৈ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্রী জয়ন্তমল্ল বৰুৱাই কয় যে আজিহে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে শিল্পীগৰাকীৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। ন্যায়ালয়ৰ ওপৰত যিহেতু আস্থা আছে, গতিকে ন্যায়ালয়ে ন্যায় দিয়াৰ বাবে আমি আজি সকলোৱে ৰাজপথলৈ ওলাই আহিছোঁ। নলবাৰী জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত জুবিন গাৰ্গৰ ন্যায়যাত্ৰাত অংশ লৈ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়- একাংশই প্ৰাণৰ শিল্পীগৰাকীক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ যি প্ৰৱণতা বা তেওঁলোকৰ যি এজেণ্ডা, তাক কোনো কাৰণতে কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব। জুবিনদা কোনো ৰাজনৈতিক বিষয় হ’বই নোৱাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই দিলীপ শইকীয়াই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ন্যায়ালয়ৰ ওপৰত আমাৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। ন্যায়ালয়ে অতি শীঘ্ৰে ৰায় দিব সেই আশা আৰু আহ্বানেৰে আজি নলবাৰীত আমি ন্যায় সমদল উলিয়াইছোঁ। এই সমদলত যোগদান কৰি কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়-এছআইটিয়ে পানী নসৰকা চার্জশীট দাখিল কৰিব লাগিব। যাতে কোনো দোষীয়েই সুৰুঙাৰে সাৰি যাব নোৱাৰে। শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা নলবাৰী চহৰৰ মাজেৰে উলিওৱা বৃহৎ সমদলেৰে জুবিন অনুৰাগীসকল চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয়। নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শর্মাই আঁত ধৰা অনুষ্ঠানটোত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্রহণ কৰে।