প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ন্যায় সমাবেশ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ পূৰ্তিৰ দিনা গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ন্যায় সমাবেশৰ আয়োজন কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম), চিপিআই (এম-এল), চিপিআই, এইছ পি এইচ, এল চি, জাতীয় দল, অসম, আপ, তৃণমূল কংগ্ৰেছ, অসম, পি এল পি, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, শিৱসেনা (ইউ বি টি ), আৰ জে ডি, জনজাগৰণ মঞ্চ, সোনোৱাল কছাৰী গণ মঞ্চৰ আহ্বানত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ন্যায় সমাবেশত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আঁত ধৰে আৰু বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, ড০ আব্দুল মান্নান, ড০ সীতানাথ লহকৰ, ড০ সৌৰভপ্ৰাণ গোস্বামী, হাইদৰ হুছেইন, ড০ ইন্দ্ৰানী দত্ত, উদ্ধৱ বৰ্মন, লক্ষ্মীনাথ তামুলী, অজিত কুমাৰ ভূঞা, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, চিত্ৰৰঞ্জন বসুমতাৰী, সূপৰ্ণা লাহিড়ী, শংকৰ শইকীয়া, সুপ্ৰকাশ তালুকদাৰ, বিবেক দাস, মনোৰঞ্জন তালুকদাৰ, কণক গগৈ, জন ইংতি কাথাৰ,বেদব্ৰত বৰা, পৰেশ বৰুৱা, দুলু আহমেদ, হাফিজ ৰচিদ চৌধুৰী, স্বৰ্ণ হাজৰিকা, বিদ্যুৎ শইকীয়া, পংকজ কুমাৰ দাস, দেবেন তামুলী, লোকনাথ গোস্বামী, হৰেশ্বৰ বৰ্মণ,তপন চন্দ্ৰ কলিতা, নৃপেন্দ্ৰ কুমাৰ বৰুৱা, চৰণ ডেকা, মুকুট লোচন কলিতা, সুমিত্ৰা হাজৰিকা, বিপুল তালুকদাৰ, ৰাছেল হুছেইন, চিন্ময় বড়া , গায়ত্ৰী বড়ি, জুনু বৰা, গীতাঞ্জলি সোনোৱাল, সুব্ৰত তালুকদাৰ, ধ্ৰুৱজ্যোতি দাস, গোবিন্দ ৰাভা,গিৰিশ কলিতা, জয়ন্ত গগৈ, ৰাজীৱ বৰুৱা, মিহিৰ নন্দী, ৰাম নাৰায়ণ সিং, সমীৰ চৌধুৰী, কিশোৰ কুমাৰ কলিতা আদি ভালে সংখ্যক বিশিষ্ট বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী, শিল্পী আৰু বিৰোধী দল সংগঠনৰ নেতৃবৃন্দই প্ৰাণৰ শিল্পী গৰাকী লৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিছত ন্যায় সমাবেশত অংশগ্ৰহণ কৰা পাঁচ সহস্ৰাধিক ৰাইজে শিল্পী গৰাকীৰ গীত “মায়াবিনী” পৰিবেশন কৰে। সমাবেশত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত পৰিবেশন কৰে সঞ্জীৱ বৰা, পাপৰি গগৈ, লোহিত গগৈ, মৰ্মিতা মিত্ৰ, লোকনাথ গোস্বামী, লিয়ন প্ৰিন্স, ৰাকেশ ৰিয়ান,সুৰেখা চেত্ৰী, খগেন গগৈ, পবিত্ৰ পি কে, প্ৰসেনজিৎ লাহন, নিকিতা বড়ো,নিপন বসুমতাৰী আদিয়ে। সমাবেশত বক্তব্য প্ৰদান কৰি ড০ হীৰেন গোহাঁয়ে কয় জুবিন গাৰ্গ আছিল উদাৰ অৰ্থনীতি যুগৰ আধুনিক মনৰ শিল্পী। জুবিন গাৰ্গে কেৱল প্ৰেমৰ গীতে গোৱা নাছিল তেওঁৰ গানত মানুহৰ দুখ বেদনা, আশা নিৰাশা, সপোন, প্ৰতিবাদ সকলোবোৰে সমৃদ্ধ আছিল। মোৰ জাতি নাই ধৰ্ম নাই বুলি কৈ জুবিন গাৰ্গে বৰ্তমানৰ সাম্প্ৰদায়িক ঐক্য বিনষ্টকাৰী পৰিস্থিতিৰে বিৰোধিতা কৰিছিল আৰু সম্প্ৰীতিৰ অসমৰ সপোনক দাঙি ধৰিছিল। তদন্ত প্ৰক্ৰিয়াৰ গতি গোত্ৰই তেওঁৰ মৃত্যু এতিয়া ৰহস্যৰ আবৰ্তত সুমুৱাই দিছে । মুখ্যমন্ত্ৰী গৰাকীৰ কথা বতৰাই ৰাইজক তদন্ত সম্পৰ্কত সন্দিহান কৰি তুলিছে। জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে ৰাইজ ক্ষান্ত নহ’ব। চৰকাৰে অতি সোনকালে তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগে । শিল্পী জনাৰ মৃত্যুক বিজেপি চৰকাৰখনে যি ৰাজনীতি কৰিব বিচাৰিছে সি গৰিহণাৰ যোগ্য। ইয়াৰ পিছত ড০ সীতানাথ লহকৰ সহ গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, বিবেক দাস, কনক গগৈ, জে আই কাথাৰ, মিহিৰ নন্দী, ৰাম নাৰায়ণ সিংহ আদি বিৰোধী দলৰ নেতৃবৃন্দই বক্তব্য প্ৰদান কৰি চৰকাৰে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ তদন্ত লৈ প্ৰদৰ্শন কৰা ল’ৰা ধেমালি বন্ধ কৰিবলৈ আৰু ৰাজনীতি নকৰিবলৈ সঁকীয়াই দিয়ে। সমাবেশত ৰাইজে জুবিন গাৰ্গলৈ ন্যায় প্ৰদান কৰক, no justice no rest, justice for Zubeen Garg, প্ৰাণৰ শিল্পীৰ মৃত্যুক লৈ ৰাজনীতি কৰা বন্ধ কৰক আদি শ্লগানেৰে উত্তাল কৰি তোলে।শেষত সমাবেশে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে প্ৰতিবাদ জোৰদাৰ কৰি তোলা আৰু প্ৰাণৰ শিল্পী গৰাকীৰ সৃষ্টিৰাজি সুৰক্ষিত কৰা, আদৰ্শ ৰক্ষা কৰাৰ সংকল্প গ্ৰহণ কৰে। সমাবেশে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চিবিআইৰ তদন্তৰ দাবী কৰে। সমাবেশত বিৰোধী দলসমূহৰ উপৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, অসম মহিলা সংঘ, গণতান্ত্ৰিক মহিলা সমিতি, বৰিহাট মাহিলী বৈঠকী, গণশিল্পী ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতি, অসম নাগৰিক সমাজ,আই পি টি এ, কৃষক সভা, ইউনাইটেড ৱৰ্কমেন ইউনিয়ন, চি আই টি ইউ, এ আই চি চি টি ইউ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শুৱালকুছি তাঁত শিল্পী সন্থা, বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিল্পী সমাজ আদি সংগঠনে অংশগ্ৰহণ কৰে।