ৰক্তাক্ত প্ৰেম
চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী
ৰক্তৰ ৰঙেৰে ৰঙিন মোৰ প্ৰেম,
জুইৰ শিখাতো উৰে মোৰ নোম।
হিয়াৰ গহীন তেজেৰে লিখা,
প্ৰেম মোৰ আগুন, নিঃশেষ দিহা।
বাতাহত বয় যাই বেদনাৰ গান,
চকুত তৰংগ, ওঁঠত সপোনৰ তান।
স্পৰ্শৰ মিঠাত অনুভৱ জাগে,
প্ৰেম মোৰ দুখতো সপোনে ভাহে।
জীৱন মেলি দিওঁ প্ৰেমৰ বাগিছা,
অশ্ৰুতে ফুলে সোঁৱৰণৰ নিশা ।
বিৰহৰ ধূলিতো জোনাক ফোটে,
প্ৰেম মোৰ মৃত্যুকো হাঁহি মাতে ।
ৰক্তাক্ত প্ৰেম—চিৰন্তন বাণী,
হিয়াৰ অন্তত ধ্বনি টানি।
সময় পলাব, জীৱন ঢলিব,
কিন্তু প্ৰেম—চিৰকাল থাকিব।