প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৯ ছেপ্টেম্বৰ সেইদিনা দিনৰ ভাগত ছিংগাপুৰৰ পৰা আহিছিল এক হৃদয়বিদাৰক খবৰ । অসমবাসীয়ে কোনোকালে কল্পনা কৰিব নিবিচৰা সেই খবৰটো। ‘‘জুবিন গাৰ্গ আৰু নাই’’, এই খবৰটো পোৱাৰ মাত্ৰকে ক’ৰবাৰত সময়ো যেন থমকি ৰৈ গৈছিল। ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ হেৰাই থাকিল অসমৰ হিয়াৰ আমঠু। সাগৰ তলিত শুৱ বিচৰা অসমীয়াৰ প্ৰাণ, হাৰ্টথ্ৰৱ চিৰদিনৰ বাবে শুই পৰিল সাগৰ তলিতে ।  কোনেও মানিব ল’ব পৰা নাছিল সেই খবৰটো। আজি ১৯ অক্টোবৰ, অসমীয়া সংগীত জগতৰ প্ৰাণস্পন্দন জুবিন গাৰ্গ বিহীন এটা মাহ। সংগীতপ্রেমীৰ হৃদয়ত তেওঁৰ অভাৱ এতিয়াও গভীৰভাৱে অনুভূত। সোণাপুৰৰ শেষকৃত্যস্থলীত সংগীতপ্রেমীয়ে চাকি জ্বলাই এই মহান শিল্পীগৰাকীক এতিয়াও শ্রদ্ধা জনাই আহিছে অনুৰাগীয়ে। জুবিনৰ স্মৃতিত বিশেষ সংগীত অনুষ্ঠান, প্রার্থনা সভা আৰু শোকসভাৰ আয়োজন কৰা হৈছে। নতুন শিল্পীৰ বাবে আছিল অনুপ্ৰেৰণা আৰু তেওঁৰ গান আজিও লাখ লাখ অনুৰাগীৰ মুখত বাজি থাকে। অসমীয়া সংস্কৃতিৰ এই উজ্জ্বল নক্ষত্ৰগৰাকীৰ নাম চিৰস্মৰণীয় হৈ থাকিব।  ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়া মাংগলিক অনুষ্ঠান। সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰত পুৱতি নিশাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহি উপস্থিত হৈছেগৈ। ধুবুৰীৰ পৰা শদিয়াৰ লৈকে সকলো মানুহ বাছেৰেই আহিছে আজি জুবিন সমাধিক্ষেত্ৰলৈ।  আজিৰ দিনটোত  পুৱা ১০বজাৰ পৰা আৰম্ভ হ’ব গীতা পাঠ। এই গীতা পাঠ বিগত দিনকেইটাত সদায়েই অব্যাহত আছে জুবিন সমাধি ক্ষেত্ৰত। ১১বজাত নাম-কীৰ্তনৰ লগতে দুপৰীয়া ১২বজাত অনুষ্ঠিত হ’ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা।২বজাৰ পৰা মাহ-প্ৰসাদ বিতৰণকে ধৰি লঘু আহাৰ গ্ৰহণ কৰিব পাৰিব ৰাইজে। বিয়লি ৩বজাত ১০০টা নামতি দলে একেলগে নাম-প্রসংগ পৰিৱেশন কৰিব। সন্ধিয়া ৫বজাত অনুষ্ঠিত হব ১০০ বাঁহী বাদকৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নিশা ৬ বজাত শিল্পী, কলা-কুশলীসকলে বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানপৰিৱেশন কৰিব।  এই সমগ্ৰ অনুষ্ঠানটো প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’ব। নিশা ৮ বজাত পৰিৱেশন হ’ব অংকীয়া ভাওনা।উক্ত অনুষ্ঠানত উপস্থিত থাকিব শিল্পীগৰাকীৰ পৰিয়ালবৰ্গও ।