পোহৰৰ উৎসৱ দীপাৱলী – বিশ্বজিৎ বৈশ্য

Pc Flipkart

পোহৰৰ উৎসৱ দীপাৱলী

বিশ্বজিৎ বৈশ্য,
বংশৰ,শুৱালকুছি

শৰৎ কালত উদযাপন কৰা আটাইতকৈ জাকজমকতাৰ উৎসৱটোৱে হৈছে দীপাৱলী,দেৱালী বা দীপান্বিতা ৷ নিয়ম অনুসৰি কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা পালন কৰা হয় “দীপাৱলী”। এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেই অনুসৰি অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা । আৰু যেতিয়া লংকা পতি ৰাৱণ ক বধ কৰি সীতা মাক যেতিয়া অযোধ্যালৈ অনা হয় তেতিয়া ও ৰাজ্য বাসীয়ে আনন্দত আত্মহাৰা হৈ চাকি-বন্তি জ্বলাই “দীপাৱলী” পালন কৰিছিল। কিছুমান কথাত আমি সকলোৱে গুৰুত্ব দিয়া উচিত বিশেষকৈ ঘৰৰ কাষত নৱজাতক বা অসুস্থ ৰোগীয়া মানুহ থাকিলে পৰাপক্ষত সেই ঠাইত উচ্চ প্ৰাবল্যৰ শব্দ বা বায়ু প্ৰদুষণৰ সৃষ্টি কৰিব পৰা কোনো বস্তু ব্যৱহাৰ কৰিব নালাগে ৷ এজন সমাজ সচেতন লোক হিচাপে সকলোৰে সেইকণ নৈতিক জ্ঞান থকাটো উচিত ৷ কাৰণ, সেই পৰিৱেশে যে কাৰোবাৰ অনিষ্ট সাধন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখটো দৰকাৰ। বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়।