জনজাতিকৰণৰ নামত মুখ্যমন্ত্ৰীয়ে বিভাজনৰ ৰাজনীতি কৰিছে — আপ
প্ৰতিশ্ৰুতি আছিল কি? দুটা কাৰ্যকালৰ শেষত কেৱল মন্ত্ৰী গোটৰ প্ৰতিবেদন!
ৰঙিলী বাৰ্ত্তাসেৱা- ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টী (আপ) য়ে ৷ প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আপ, অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা মিছিং জনজাতি নেতা জাৰবম কুটুমে প্ৰতিক্ৰিয়া প্ৰ্কাশ কৰি কয়, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ ৰাজনীতি কৰিছে, যিটো অসমবাসীৰ কাম্য নহয় ৷ কুটুমে ক্ষোভেৰে কয়, ২০১৪ আৰু ২০১৬ ত বিজেপি ৰ প্ৰতিশ্ৰুতি আছিল কি ? আৰু কৰি আছে কি ? বিজেপি দল প্ৰতিশ্ৰুতি দিয়াত পাৰ্গত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চূড়ান্ত দুৰ্বল বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনৰ চৰকাৰলৈ প্ৰশ্ন — বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ ৩টা আৰু ৰাজ্যৰ দুটা কাৰ্যকালত আপোনালোকে জনজাতিকৰণৰ নামত কি কৰিলে ৷ কেৱল মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক কিয় ১০ বছৰ প্ৰয়োজন হ’ল ? আপৰ স্পষ্ট দাবী — বৰ্তমান থকা জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰক৷ জনজাতিকৰণৰ বাবে বিজেপি চৰকাৰ মুঠেও আগ্ৰহী নহয় বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে কয় অহা বিধানসভা নিৰ্বাচনত এই দল আৰু চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ইচ্ছ্যুটো “ টুপ “ হিচাপে ব্যৱহাৰ কৰিব ৷