কোচ ৰাজবংশী সকলক জনজাতি প্ৰদানৰ দাবীত ডিব্ৰুগড়ত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কোচ ৰাজবংশী সকলক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত আজি (১৩-১০-২৫) সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় মহানগৰ মাজমজিয়াৰ চৌকিডিঙ্গী চাৰিআলিত ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্রতিবাদী কাৰ্যসূচীত জিলা আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কার্ড লৈ “কোচ ৰাজবংশী সকলক জনজাতিকৰণ লাগিবই”, “আমাৰ দাবী মানিবই লাগিব”, “জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বন্ধ কৰক” আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নেতৃত্ব আগবঢ়ায় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত শইকীয়াই। তেওঁ অতি ক্ষোভেৰে কয় যে কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ প্রতিবাদত পুনৰ ডিব্ৰুগড় জিলা সমিতিয়ে গ্ৰহণ কৰিছে এই প্রতিবাদী কাৰ্যসূচী।আক্ৰাছুৰ জন্মলগনৰে পৰা কোচ ৰাজবংশী সকলৰ ভাষা সংস্কৃতি বিকাশ প্ৰচাৰ প্ৰসাৰ লগতে জনজাতিৰকৰণ, কমতাপুৰ ৰাজ্যৰ দাবী, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ প্ৰাপ্যৰ দাবীত চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰাৰ লগতে আন্দোলন কৰাৰ পিছতো আজি পর্যন্ত চৰকাৰে কোচ ৰাজবংশী সকলৰ দাবীৰ প্রতি সঁহাৰি দিয়া পৰিলক্ষিত নহ’ল, কেৱল ১৯৯৬ চনত কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্রদান কৰিছিল যদিও ছয় মাহ পিছত জনজাতিৰ মৰ্য্যদা পুনৰ কৰ্তন কৰি সমগ্র কোচ ৰাজবংশী জাতিটোক চৰম অপমান কৰিলে, সেয়েহে চৰকাৰে ১৯৯৬ চনত যি ভিত্তিত কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্রদান কৰিছিল সেই একে ভিত্তিত পুনৰ কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্য্যদা প্রদান কৰিবলৈ চৰকাৰ ওচৰত দাবী জনায়। চৰকাৰে কোচ ৰাজবংশী সকলৰ উন্নয়নৰ কাৰণে যি উন্নয়ন পৰিষদ আৰু স্বায়ত্বপৰিষদ গঠন কৰিছিল সেই পৰিষদৰ পৰাও দুই এজন ব্যক্তিৰ বাহিৰে কোনো কোচ ৰাজবংশী লোকৰ উন্নয়ন আজিলৈকে হোৱা পৰিলক্ষিত নহ’ল। সেয়ে এই দুয়োখন পৰিষদ ভঙ্গ কৰি সুস্থ সৱল ব্যক্তিক লৈ গঠন কৰিবলৈ আহ্বান জনাই। লগতে কমতাপুৰ স্বায়িত্ব শাসিত পৰিষদখন কেৱল অ-বিভক্ত গোৱালপাৰা জিলাতেই সীমাবদ্ধ নেৰাখি স্বায়ত্ব শাসিত পৰিষদখন চেটেলাইট ব্যৱস্থাৰে সমগ্ৰ অসমৰ কোচ ৰাজবংশী সকলক আহ্বান জনাই ভূমিপুত্ৰ কোচ ৰাজবংশী সকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ কাৰণে ত্ৰিপাক্ষিক বৈঠক আয়োজন কৰা, পৃথক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰৰ কৰা, অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক জনজাতীৰ মৰ্য্যদা প্ৰদান কৰা, বি টি আৰত বসবাস কৰা কোচ ৰাজবংশী সকলক চৰকাৰে যি বৈষম্যমূলক ভাবে ভূমি অধিকাৰ ক্ষেত্ৰত বঞ্চিত কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে অতি শ্রীঘ্রে ভূমি অধিকাৰ প্ৰদান কৰা, কেএলওৰ লগত সম্মানজনক আলাপ আলোচনাৰে শান্তি চুক্তি কৰা, কোচ ৰাজবংশী সকলক চৰকাৰী বেচৰকাৰী খণ্ডত শিক্ষা আৰু চাকৰি ক্ষেত্ৰত বিশেষ অগ্রাধিকাৰ প্রদান কৰা, অসমৰ সকলো জিলাতে কোচ ৰাজবংশী ভাষা, সংস্কৃতি বিকাশ, প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে কেন্দ্ৰ আৰু একোটাকৈ মিউজিয়াম ও চিলাৰায় প্ৰতিমূর্তি নিৰ্মাণ কৰা, বর্তমান ওবিচি অন্তৰ্গত কোচ ৰাজবংশী সকলৰ জাতিগত প্ৰমাণ পত্ৰ দিবৰ বাবে কোচ ৰাজবংশী সকলৰ জাতীয় সংগঠন আক্ৰাছুক প্ৰদান কৰা, উজনি অসমত বিধানসভা, লোকসভা আৰু স্থানীয় নিকায় সমূহত কোচ ৰাজবংশী লোকৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কোচ ৰাজবংশীৰ বাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা প্ৰদান কৰা,কোচ ৰাজবংশী উন্নয়ন পৰিষদখন ভংগ কৰি উজনি, মধ্য আৰু নামনি অসমৰ সংগ্ৰামী জনতাক সাঁঙুৰি লৈ শক্তিশালী নতুনকৈ কমিটি গঠন কৰা আৰু লগতে বতমান সময়লৈকে যি সমূহ কাম হৈ আছে সেই সমূহ কামৰ উচিৎ তদন্ত কৰা,আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখন কেৱল অ-বিভক্ত গোৱালপাৰা জিলাতেই সীমাবদ্ধ নেৰাখি স্বায়িত্ব শাসিত পৰিষদখন চেটেলাইট ব্যৱস্থাৰে সমগ্ৰ অসমৰ কোচ ৰাজবংশী সকলক সাঁঙুৰি লোৱা দাবী জনাই ডিব্ৰুগড় জিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অৱস্থান ধৰ্মঘটত আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰাঞ্জল দত্ত, আক্ৰছু ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰণৱ দত্ত আৰু দিগেন দত্তই নেতৃত্ব প্ৰদান কৰে।